অসম

ডিগবৈত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি বিতৰণ

প্ৰথম খবৰ,ডিগবৈ: ২০১৭-১৮ বৰ্ষ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ চেক বিতৰণ অনুষ্ঠান আজি টিংৰাই ৰাজহুৱা খেলপথাৰত সম্পন্ন হৈ যায়৷ আজিৰ এই অনুষ্ঠানত মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া ৰাম চন্দ্ৰ ডেইৰী,হাপজান উন্নয়ন  খণ্ডৰ খণ্ড উন্নয়ন বিষয়া টিকেন্দ্ৰজিত মাৰোঁ,ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেশ বৰা,টিংৰাই সমবায় সমিতিৰ সভাপতি দিলীপ মৰাণ,ভাৰতীয় জনতা পাৰ্টি হাপজান সদৰ,ডিগবৈ আৰু মাকুম মণ্ডল অন্তৰ্গত দলীয় বিষয়ববীয়া-সতীৰ্থসকল আৰু প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত ৰাইজ উপস্থিত আছিল৷ এইবৰ্ষত সমষ্টি অন্তৰ্গত মুঠ ৫৭ টি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানলৈ এই পুঁজি প্ৰদান কৰা হৈছে। সমষ্ট অন্তৰ্গত বাৰেকুৰী গাঁও পঞ্চায়তত ছয়টা অনুষ্ঠান,হাপজান গাঁও পঞ্চায়তত চাৰিটা, বৰহাপজান গাঁও পঞ্চায়তত পাঁচটা,হাঁহচৰা গাঁও পঞ্চায়তত দুটা,চামডাং গাঁও পঞ্চায়তত পাঁচটা, পানীখোৱা গাঁও পঞ্চায়তত পাঁচটা,টিংৰাই গাঁও পঞ্চায়তত নটা,বগাপানী গাঁও পঞ্চায়তত তিনিটা, বৰবিল গাঁও পঞ্চায়তত আঠটা,গোলাই গাঁও পঞ্চায়তত পাঁচটা আৰু পাৱৈ গাঁও পঞ্চায়তত পাঁচটা ৰাজহুৱা অনুষ্ঠানলৈ এই আৰ্থিক অনুদান প্ৰদান কৰা হৈছে৷ বিগত বৰ্ষত এই পুঁজি মুঠ ৬২ টা অনুষ্ঠানলৈ প্ৰদান কৰা হৈছিল৷ প্ৰতিটো অনুষ্ঠানেই পুঁজিৰ সৎ ব্যৱহাৰ কৰিছে। গঠন কৰি দিয়া নিৰ্মাণ সমিতি সমুহৰ সুন্দৰ কাম আৰু তৎপৰতাৰ বাবে সমগ্ৰ অসমৰ ভিতৰতে এই বৰ্ষতো সকলোতকৈ আগত এই পুঁজি বিধায়ক হিচাপে পাইছো। ইতিমধ্যে ৰাইজৰ এগৰাকী জনপ্ৰতিনিধি হিচাপ প্ৰতিটো কামেই ভালকৈ কৰিবৰ চেষ্ঠা কৰিছো৷ কোনো নিৰ্মাণ সমিতিয়ে ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা পুঁজি খাই দুৰ্নীতি কৰাৰ মানসিকতা যদি পুহি ৰাখিছে তেঁওলোকে দায়িত্ব নললেই হ’ল কাৰণ কাকো দুৰ্নীতিৰ ক্ষেত্ৰত আমি ক্ষমা নকৰো৷ কোনো ক্ষেত্ৰতে কাৰো গাফিলতি সহ্য কৰা নহ’ব। সকলোৱে সৰ্বানন্দ সোণোৱালৰ সৎ আৰু নিকা কৰ্মউদ্যমী ব্যৱস্থাৰ প্ৰতি সহযোগ আগবঢ়ায় আমাৰ সমাজখন গঢ়াত প্ৰত্যক্ষভাৱে অংশ লওক৷ ৰাইজে পৰামৰ্শ তথা সহায়-সহযোগ আগবঢ়ায় আমাৰ ডিগবৈ সমষ্টিটোত উন্নয়ন আৰু প্ৰগতিৰ জোৱাৰ অনাত প্ৰত্যক্ষভাৱে জড়িত হওক৷ এইবৰ্ষৰ প্ৰদান কৰা বিধায়ক পুঁজিৰ কাম আটাইতকৈ সুন্দৰভাৱে সম্পন্ন কৰা অনুষ্ঠানক বিধায়কে বিশেষভাৱে পুৰস্কৃত কৰিব বুলি ভাষণ প্ৰসংগত সদৰী কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close