অসমযুৱ

ডিগবৈত বিধায়কৰ পুঁজি আধাৰশিলা স্থাপন

ডিগবৈপৰা মনোৰঞ্জন দাস,প্ৰথম খবৰ:আজি ২৪ জানুৱাৰী ২০১৮ তাৰিখ বুধবাৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে ২০১৭-১৮ বৰ্ষ বিধয়াক এলেকা উন্নয়ণ পুঁজিৰ ধনেৰে নিৰ্মাণ হ’বলগীয়া আঠটা ৰাজহুৱা গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ বিগত বৰ্ষৰ পুঁজিৰ সৎ ব্যৱহাৰ কৰি ৬৪ টা ৰাজহুৱা খণ্ডৰ গৃহ নিৰ্মাণ কৰাৰ পিছত এই বৰ্ষত মুঠ ৫৭ টা ৰাজহুৱা অনুস্থান প্ৰতিস্থানলৈ এই পুঁজি প্ৰদান কৰা হৈছে ৷ প্ৰতিটো অনুস্থানৰ কাম কোনো ঠিকাদাৰক নিদি উক্ত অনুষ্ঠানৰে এখন নিৰ্মাণ সমিতি গঠন কৰি দায়িত্ব অৰ্পন কৰিছে ৷আজি পুৱা ৯ বজাত ১.৫ লাখ টকা অনুদানেৰে নিৰ্মাণ হবলগীয়া টকৌৱনী গাঁও সমুহীয়া গৃহ, ১০ বজাত ২ লাখ টকিৰে নিৰ্মাণ হ’বলগীয়া বঙালী ৰাইডাং সমুহীয়া গৃহ, ১১ বজাত ১.৫ লাখেৰে নিৰ্মাণ হবলগীয়া ২ নং অসমীয়া গাঁও সমুহীয়া গৃহ, ১২ বজাত ১.৬৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হবলগীয়া ১ নং অসমীয়া গাঁও সমুহীয়া গৃহ, ১.৩০ বজাত ২ লাখেৰে নিৰ্মাণ হ’বলগীয়া নাজিয়াটিং গণেশ চাহ বাগিচা গ্ৰাম থান, ২ বজাত ২ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া বগাপানী বাগিচা ৩ নং লাইন শিৱ মন্দিৰৰ কাষৰ সমুহীয়া গৃহ, ৩ বজাত বগাপানী বাগিচাৰ ১১ নং লাইনৰ কালীমন্দিৰ ৰাজহুৱা গৃহ আৰু ৪ বজাত ২ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া বগাপানী ৩৬ নং লাইন কেথলিক চাৰ্চৰ আধাৰশিলা স্থাপন কৰে ৷ প্ৰতিটো আধাৰশিলাৰ কাৰ্যসুচীতে সেই অঞ্চলসমুহৰ বিশিষ্ট নাগৰিক সকল, বিশিষ্ট শিক্ষাবিদ যুদ্ধবীৰ ৰানা, পানীখোৱা পঞ্চায়তৰ সভাপতি, দলীয় সতীৰ্থসকল তথা হাজাৰৰো অধিক ৰাইজ উপস্থিত আছিল ৷ বিধায়ক ফুকনৰ কাৰ্যক্ৰমণিকাত সমষ্টিৰ প্ৰতিগৰাকী নাগৰিক সন্তুষ্ট হৈ তেঁওক ধন্যবাদ যাচিছে ৷ কথা দিয়ামতেই প্ৰতিটো কাম বিধায়ক ফুকনে আগুৱাই নিয়াত সফল হৈছে ৷ অতি কম দিনতে বিধায়কে ৪০ ৰো অধিক জৰাজীৰ্ণ পথ পকীকৰণ কৰোৱাৰ উপৰিও, বিধায়ক পুঁজিৰ ব্যৱহাৰ সৎ তথা নিকা ব্যৱস্থাৰে মুকলিকৈ বিতৰণ কৰি সমষ্টিবাসীৰ মন জয় কৰিছে ৷ বিধায়কে নিৰ্মাণ সমিতি গঠন কৰি পুঁজি প্ৰদান কৰা লগতে প্ৰতিটো অনুষ্ঠানলৈ নিজেই গৈ প্ৰতিটো কাম পৰ্যবেক্ষণ কৰে আৰু সমিতিক প্ৰতিটো ক্ষেত্ৰতে সহযোগ আগবঢ়ায় ৷

Related Articles

Leave a Reply

Close