অসম

ঢকুৱাখনাত ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি 

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ: নৱ বৰ্ষৰ লগতে ভোগালী বিহুৰ বাবে চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি। ভোগালীৰ ভোজ আৰু ভেলা ঘৰ নিৰ্মাণৰ প্ৰতিযোগিতাত নামিছে বিভিন্ন ঠাইৰ ৰাইজ,যুৱকসকল। ব্যতিক্রম নহয় ঢকুৱাখনাৰ টাউন তিনিআলি যুৱক সংঘৰ লোক সকলো। তেওঁলোকে এইবাৰ “আইফেল টাৱাৰ” আৰ্হিত নিৰ্মাণ কৰিছে ২৫ ফুট উচ্চ তাৰ এটা আকৰ্ষণীয় ভেলাঘৰ। আনহাতে পৃথিয়াল গাঁৱৰ কপৌ পাহি বিহু দলেও সাজিছে ৰংঘৰ আকৃতিৰ এটা ২০ ফুট উচ্চ তাৰ ভেলাঘৰ। কেৱল নৰা খৰু বাঁহেৰে সজা ভেলাঘৰদুটা দুটা দৃষ্টিনন্দন হৈছে পথাচাৰীৰ বাবে, উল্লেখ্য যে ভেলাঘৰ দুটাৰ বাকৰিত নিশাৰভাগত নাটক,সংগীত,বিভিন্ন নৃত্যৰ অনুষ্ঠানৰ লগতে বৰ মেজি জ্বলোৱা হ’ব পুৱতি নিশা।

Related Articles

Leave a Reply

Close