অসম

ঢকুৱাখনাত মে ডাম মে ফীৰ বৰ্ণাঢ্য কাৰ্য্যসুচী

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ: সমগ্ৰ ৰাজ্যৰ আহোম সম্প্ৰদায়ৰ ওপৰি পুৰুষক পূজা-সেৱা কৰা মাঙ্গলিক অনুষ্ঠান মে-ডাম-মে ফী ঢকুৱাখনাত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হৈছে। ঢকুৱাখনা তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ উদ্যোগত উদযাপিত কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষত কালি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ অন্তত আজি পুৱাৰ ভাগত আঠ কোণীয়া মন্দিৰত ডাম ফী পূজা কৰাৰ পিছতে ডাম সকলৰ প্ৰতি শ্ৰদ্ধা জনাই মৈডাম তৰ্পণ কৰা হয়।
ইয়াৰ পিছতে বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰা ঢকুৱাখনা নগৰৰ মাজেৰে বাহিৰ কৰা হয়।শিৱসাগৰৰ জনপ্ৰিয় গায়িকা অলিম্পিকা বৰগোঁ‌হাইয়ে উদ্বোধন কৰা এই শোভাযাত্ৰাত আহোম যুগৰ বহুকেইটাও দিশ প্ৰতিফলিত হয়।ইয়াৰ পিছতে ঢকুৱাখনা কেন্দ্ৰীয় মে ডাম মে ফী উৎসৱৰ বছৰেকীয়া প্ৰকাশ ‘বান-ফাই’ উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈয়ে। তাৰ পিছত ঢকুৱাখনা মে ডাম মে ফী ৰ মূল কাৰ্যসূচী মুকলি সভা উদ্বোধন কৰে মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু নিৰ্দিষ্ট বক্তা হিচাবে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক চুচেংফা গগৈ আদি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close