অসমউত্তৰ পূবযুৱ

ঢকুৱাখানাত দেশৰ ৬৯তম গণৰাজ্য দিৱস উদযাপন

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ:সমগ্ৰ দেশৰ লগতে ঢকুৱাখনাতো ৬৯ সংখ্যক গণৰাজ্য দিৱস নৰ্মাল স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়।পুৱা ৮.৪৫ বজাত মুখ্য অতিথি অৰিন্দম বৰুৱাই স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰাৰ অন্তত মাৰ্চ-পাৰ্চত অংশগ্ৰহণকাৰী দল সমূহ পৰিদৰ্শন কৰে।প্ৰায় ১৭ টা মাৰ্চ-পাৰ্চৰ দলে অংশ লোৱা উক্ত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই।তেখেতে পতাকা উত্তোলন কৰি দিয়া ভাষণত মহকুমাটোৰ বিভিন্ন উন্নয়ণ মুলক আঁ‌চনি সমূহৰ বিশদ ব্যাখ্যা ডাঙি ধৰে।ইয়াৰ পিছতে বিভিন্ন দল সমূহে প্ৰদৰ্শন কৰা বাৰে ৰহনীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে৷

উল্লেখ্য যে,এইবছৰ ঢকুৱাখনাৰ গণৰাজ্য দিৱসৰ মূল আকৰ্ষণ হ’ল বিভিন্ন বিভাগ সমূহৰ মাজত অনুষ্ঠিত কৰা প্ৰতীক পট প্ৰতিযোগিতা।এই প্ৰতিযোগিতাত ৯ টা দলে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close