অসমমহিলা

তানজিম মহিলা সমিতিৰ জ্যোতিগৃহ পৰিদৰ্শন

প্ৰথম খবৰ,শিমলুগুৰি: নাজিৰাৰ এক অন্যতম স্বেচ্ছাসেৱী সংগঠন তানজিম মহিলা সমিতিৰ বিষয়ববীয়া ক্ৰমে কাৰ্যকৰী সভানেত্ৰী নাচৰিন হুছেইন, সম্পাদিকা নাজমা বেগম, উপ সভানেত্ৰী মঞ্জু বেগম, সহ সম্পাদিকা নাজলীন বেগম(পবি) লগতে শিৱসাগৰ জিলা লেখিকা সমাৰোহৰ সম্পাদিকা তথা সদৌ অসম লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা চৈয়দা ৱাহিদা তাজে অলপতে নাজিৰাৰ হিউমেন ৱেলফেয়াৰ চছাইটিৰ মহিলা পুণৰ সংস্থাপন কেন্দ্ৰ “জ্যোতি”গৃহত উপস্থিত হৈ ইয়াত থকা বিশেষ ভাবে সক্ষম মহিলা সকলৰ সৈতে মত বিনিময় তথা অন্তৰংগ আলাপ কৰাৰ লগতে বোকাখাতৰ অৰুনিমা ডেকা বৰা আৰু এসময়ৰ বিপ্লৱী কণ্ঠৰ বেবি মৰান বাইদেউৱে গোৱা স্বৰৰচিত কবিতাই অনুষ্ঠানটি মুগ্ধমই কৰি তুলে। তানজিম মহিলা সমিতিৰ হৈ সকলো বিষয়ববীয়াই বিশেষ ভাবে সক্ষম লোকৰ মাজত শীত নিবাৰণৰ বাবে একোখনকৈ কম্বল বিতৰণ কৰে। HWSৰ তৰফৰ পৰা তানজিম মহিলা সমিতি সকলো বিষয়ববীয়া লৈ আৰু শিৱসাগৰ জিলা লেখিকা সমাৰোহৰ সম্পাদিকা চৈয়দা ৱাহিদা তাজলৈও কৃতজ্ঞতা জ্ঞাপন কৰে অনুষ্ঠানটোৰ হৈ নাচেৰ খানে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close