অসম

দক্ষিণ শালমাৰাত চাৰি দিনে নিখোজ চল্লিশ বছৰীয়া বোৱাৰী:ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি জুৰি চাঞ্চল্য

প্ৰথম খবৰ,হাটশিঙিমাৰী:দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত ছেৱলটাৰী গাৱঁৰপৰা এগৰাকী চল্লিশ বছৰীয়া বোৱাৰী বিগত চাৰি দিন ধৰি ৰহস্য জনক ভাবে নিখোজ হৈ থকা ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা গৈছে যে বোৱাৰী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত মহিলাজনীৰ স্বামী মনোৱাৰ আলীয়ে দক্ষিণ শালমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা কৰা মতে যোৱা ৪ জানুৱাৰী তাৰিখে সন্ধিয়া প্ৰায় ৬ বজাত নিজ ঘৰৰ পৰা নিখোজ হৈ পৰে। উক্ত দিনা ঘৰত স্বামীৰ উনুপস্থিতিত মহিলা গৰাকী নিখোজ হৈ পৰাৰ দিনৰ পৰা আজিলৈ তেওঁৰ কোনো সম্ভেদ পোৱা নাই। জানুৱাৰীত স্বামী মনোৱাৰ আলী ঘৰত নথকা অৱস্থাত সিদিনা সন্ধিয়া অনুমান ৬ বজাত মহিলাজনীয়ে স্বামী গৃহৰ পৰা সন্ধানহীন হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close