অসমউত্তৰ পূবযুৱশীৰ্ষ

দিন-দুপৰীয়াতে বনৰীয়া হাতীৰ উপদ্ৰৱ কাৰ্বি পাহাৰত

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:দিনৰ ভাগতে বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে কাৰ্বি পাহাৰত।পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাটত সংঘটিত হৈছে এই ঘটনা।কুঁহিয়াৰবাৰীত বিচৰণ এটা বৃহৎ হাতীৰ জাকৰ।পোৱালীসহ অহা হাতীৰ জাকটোক লৈ কৃষকৰ মাজত হাহাকাৰ।নিশাৰ ভাগতে অহা হাতীৰ জাকটোৱে কুঁহিয়াৰ খোৱাৰ লগতে ভাঙি-চিঙি বিনষ্ট কৰাৰ তাণ্ডৱ বগৰীঘাটত এতিয়াও অব্যাহত আছে।বহু কৃষি ভূমিৰ কুঁহিয়াৰ ইতিমধ্যে হাতীৰ জাকটোয়ে আৰু অধিক কুঁহিয়াৰ নষ্ট কৰাৰ সম্ভবনাক লৈ শংকিত হৈ পৰিছে কৃষক ৰাইজ।আধি-চুক্তি আদিৰে কৃষি কাৰ্য কৰা কৃষকে এতিয়া মালিকপক্ষক কিদৰে চুক্তি বা আধিৰ মিঠৈ ফিৰাব তাক লৈ চিন্তিত হৈ পৰিছে একাংশ কৃষক।

খৱৰৰ ভিত্তিত ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিওৱাত বিফল হৈছে বন বিভাগ।বহুসময় ধৰি কৰা চেষ্টাৰ পাছতো খেদি পঠিয়াব নোৱাৰাত সন্ধ্যাৰ ভাগত হাতীৰ জাকটোক খেদাৰ পৰিকল্পনা লৈছে বন বিভাগে।যাৰ ফলত এই পৰ্য্যন্ত হাতীৰ জাকটোয়ে মুক্তভাৱে বিচৰণ কৰি আছে বগৰীঘাটৰ কৃষকৰ কুঁহিয়াৰবাৰীত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close