Home / অসম / দুলীয়াজানত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অইলৰ নতুন উদ্যোগিক অঞ্চল বন্ধ কাৰ্যসূচী আছুৰ

দুলীয়াজানত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অইলৰ নতুন উদ্যোগিক অঞ্চল বন্ধ কাৰ্যসূচী আছুৰ

প্ৰথম খবৰ,দুলীয়াজান:দুলীয়াজানৰ পথ উন্নয়ন আৰু ষ্ট্ৰীট লাইটৰ ব্যৱস্থাৰ দাবীত আজি নাওহলীয়া উপ-শাখা ছাত্ৰ সন্থাই দুলীয়াজান আঞ্চলিকৰ সহযোগত নতুন উদ্যোগিক অঞ্চলৰ মুখ্য প্ৰৱেশ দ্বাৰ বন্ধ কৰাৰ লগতে যান বাহন চলাচল বন্ধ কৰি দিয়ে। উল্লেখ্য যে,নতুন উদ্যোগিক অঞ্চলটোৰ সন্মুখৰ মধুটিং-হুকুটা চাৰিআলিৰ পথচোৱা বহল কৰাৰ লগতে নিৰ্মাণৰ মানদণ্ড উন্নত কৰা আৰু উক্ত পথচোৱাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা তথা অন্যান্য আনুষংগিক সমস্যাৰ সমাধানৰ দাবী তুলি পূৰ্বে অইল ইণ্ডিয়াক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো অইলে প্ৰতিশ্ৰুতি দিয়েই দায় সামৰাত আজি নিচেই পুৱাতে ছাত্ৰ সন্থাই নতুন উদ্যোগিক অঞ্চল বন্ধ আৰু উক্ত পথেদি যোৱা অইলৰ যান বাহন চলাচলত বাধা আৰোপ কৰে। পুৱা ৫ বজাৰ পৰা ৰূপায়ন কৰা এই বন্ধ কাৰ্যসূচীৰ ফলত অইল কৰ্ত্তৃপক্ষই অহা ২২ জানুৱাৰীত অসম চৰকাৰৰ বিদ্যুৎ বিভাগ,গড়কাপ্তানি বিভাগৰ সৈতে সংগঠনটোৰ এক বৈঠকৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত বিয়লি ৩ বজাত ছাত্ৰ সন্থাই বন্ধ কাৰ্যসূচী উঠাই লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*