অসম

দুলীয়াজানত সংগঠনৰ নাম লৈ টকা দাবী কৰি ঔকিল খালে ডিব্ৰুগড়ৰ দুই প্ৰৱঞ্চকে

প্ৰথম খবৰ,দুলীয়াজান: সংগঠনৰ বেনাৰত অনায়াসে টকা ঘটাৰ কৌশল অৱলম্বন কৰি ঔকিল খালে ডিব্ৰুগড়ৰ দুই প্ৰৱঞ্চকে। ডিব্ৰুগড়ৰ আমোলাপট্টীৰ চন্দন দাস (৩৫) আৰু বৰবৰুৱাৰ পাৰ্থপ্ৰতীম দাস (২৪) নামৰ দুই প্ৰৱঞ্চক বৰ্তমান দুলীয়াজান থানাৰ লকআপত। অন্যহাতে দুই প্ৰৱঞ্চকৰ সংগী ডিব্ৰুগড়ৰে প্ৰফুল্ল বৰুৱা আৰু উত্তম কুমাৰ দাস নামৰ অন্য দুটা পলাই সাৰে। ইয়াৰে চন্দন ডিব্ৰুগড় জিলাৰ অনুসূচিত জাতি সংযুক্ত মৰ্চাৰ উপ সভাপতি আৰু পাৰ্থপ্ৰতীম প্ৰচাৰ সম্পাদক বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি ডিব্ৰুগড় জিলাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ পৰা বহিষ্কাৰ হোৱা প্ৰফুল্ল বৰুৱাৰ সৈতে ধৃত দুই প্ৰৱঞ্চকে মিলি সংগঠনটোৰ নামত ভুৱা ৰছিদ দেখুৱাই দুলীয়াজানৰ বি এন সিং পেট্ৰল ডিপোৰ পৰা পূৰ্বে কেইবাবাৰো দাবীৰে টকা উঠাই আহিছে। আজিও একেদৰে সংগঠনটোৰ নামত ডিব্ৰুগড়ৰ চাৰি প্ৰৱঞ্চকে এ এছ ০৬ এছ ৭১২১ নম্বৰৰ ইয়ন গাড়ীত গৈ দুলীয়াজান পেট্ৰল ডিপোৰ পৰা টকা আনিবলৈ যাওঁতে হাতে-লোটে ধৰা পৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ হাতত। পাছত দুটাক উত্তম-মধ‍্যম শোধাই স্হানীয় আৰক্ষীক গটাই দিবলৈ সক্ষম হয় যদিও আন দুটা পলাই সাৰে। ঘটনাৰ সন্দৰ্ভত প্ৰৱঞ্চকৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close