শেহতীয়া
Home / অসম / দেওমৰনৈত ভোগালী বিহু উপলক্ষে অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাত মৰনৈ ক্লাৱ চেম্পিয়ন

দেওমৰনৈত ভোগালী বিহু উপলক্ষে অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাত মৰনৈ ক্লাৱ চেম্পিয়ন

প্ৰথম খবৰ,দেওমৰনৈ:দৰং জিলাৰ দেওমৰনৈত আজি ভোগালী বিহু উপলক্ষে স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিশ্ৰুতি এন জি অৰ উদ্যোগত আৰু দেওমৰনৈৰ ব্যৱসায়ী প্ৰতিস্থান চিনাকী ডেলিভাৰীৰ সহযোগত আয়োজন কৰা প্ৰীতি ভলীবল প্ৰতিযোগিতাত চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে মৰনৈ ক্লাৱে। আজিৰ অনুষ্ঠিত হোৱা ভলীবল খেলখন শুভাৰম্ভণি কৰে উদীয়মান যুৱক তথা দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ প্ৰশিক্ষক টনজিৎ ডেকাই আৰু চুড়ান্ত খেলখনি উদ্বোধন কৰে অৱসৰী শ্ৰম বিষয়া তথা দেওমৰনৈ সাহিত্য সভাৰ সভাপতি ভুচন্দ্ৰ শৰ্মাই। খেলখনি পৰিচালনা কৰে খেল সংগঠক তথা সদৌ দৰং জিলা ছাত্র সন্থাৰ ক্ৰীড়া সম্পাদক কৰুণা বৰুৱাই আৰু আজিৰ খেলখনিৰ সকলো কাৰ্যসূচী আঁত ধৰে প্ৰতিশ্ৰুতি এনজিঅ’ৰ সভাপতি নিৰঞ্জন শইকীয়া আৰু সম্পাদক পংকজ কুমাৰে। খেলখনিত মৰনৈ ক্লাৱে দেওমৰনৈ যুৱ সমাজক ২-১ ব্যৱধানত পৰাস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*