শেহতীয়া
Home / অসম / দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱৰ সভাপতিৰ নামত গোচৰ

দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱৰ সভাপতিৰ নামত গোচৰ

প্ৰথম খবৰ,বৰপেটা:”আমি বৰপেইটা ফেচবুক ফৰাম”ৰ সহযোগত অনুষ্ঠিত হৈ যোৱা ২য় বৰপেটা গ্ৰন্থ উৎসৱৰ সভাপতিৰ নামত এক ৰাজনৈতিক দলে তৰিচে গোচৰ। উল্লেখযোগ্য যে,বৰপেটা গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি প্ৰখ্যাত কাৰ্টুন শিল্পী অমল মেধিৰ কাৰ্টুন প্ৰদৰ্শন কৰা হৈছিল। পিছত এই কাৰ্টুনক লৈ এক বিতৰ্কৰ সূত্ৰপাত ঘটাত তথা এক ৰাজনৈতিক দলৰ ভাবুকিত অমল মেধিয়ে কাৰ্টুনবোৰ আতৰাবলৈ বাধ্য হয়। কিন্তু ইমানখিনি হৈ যোৱাৰ পিছতো ৰাজনৈতিক দলটোৰ সমৰ্থকসকলৰ মাজৰ কোনোবাই গ্ৰন্থ উৎসৱৰ সভাপতিৰ অমিয় কুমাৰ দাসৰ বিৰুদ্ধে গোচৰ তৰে। এই লৈ বৰপেটাৰ সভ্য সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছে,সকলোৱে এই কাৰ্যক ধিক্কাৰ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*