অসমউত্তৰ পূবশীৰ্ষ

দৰং জিলা বাৰ্তাজীৱি সংঘৰ উদোগত পথৰু সমন্বয় গোষ্ঠীৰ ঐতিহাসিক পথৰুঘাটৰ ৰণৰ আলোচনাচক্ৰ

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:১৮৯৪ৰ ২৮ জানুৱাৰীত ব্ৰিটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ পথৰুঘাটত ১৪০ জন কৃষক ছহিদ হৈছিল। আহত আৰু ঘূনীয়া হৈছিল বহুজন । কৃষিজীৱী দৰঙী প্ৰজাক ব্ৰিটিছে অন্যায়ভাৱে ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদ কৰিবলৈ যোৱা শান্তিপ্ৰিয় কৃষকসকলক গুলিয়াই হত্যা কৰিছিল। ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ কৃষক বিদ্ৰোহ হিচাপে চিহ্নিত। এই ঐতিহাসিক ঘটনাটো পঞ্জাৱৰ জালিয়নাৱালাবাগৰ হত্যাকাণ্ড আৰু চিপাহী বিদ্ৰোহতকৈও গুৰুত্বপূৰ্ণ আছিল যদিও অৱহেলিত। আনকি চৰকাৰী স্বীকৃতি দূৰৰে কথা ছহিদ হোৱা কৃষকসকলে আজিলৈ নাপালে মুক্তিযুজাৰুৰ সন্মান । কেবল ২৮ জানুৱাৰী আহিলে মনত পৰে ৰজাঘৰ প্ৰজাঘৰৰ।

এই ঐতিহাসিক কৃষক বিদ্ৰোহক প্ৰচাৰ আৰু প্ৰসাৰৰ অথে বিগত ১০ বছৰে দৰং জিলা বাতাজিৱী সংঘ আৰু পথৰু সমন্বয় গোষ্ঠীয়ে কৰি আহিছে আলোচনা চক্ৰ। পথৰুঘাট ৰণৰ স্মৃতি বিজড়িত দলি পূৰাণৰ লগতে ইংৰাজীতো প্ৰস্তিকা প্ৰকাশ কৰি আহিছে। এইবেলিও উক্ত সংগঠন দুটাই মঙ্গলদৈ প্ৰেছ ক্লাৱত অহা ২৭ জানুৱাৰীত ” পথৰুঘাটৰ ৰণ আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব ” শীৰ্ষক এক আলোচনাচক্ৰৰ আয়োজন কৰিছে। আলোচনাচক্ৰখন উদ্বোধন কৰিব মঙ্গলদৈৰ বিধায়ক গুৰুজোতি দাসে, আলোচনাচক্ৰত বিশিষ্ট চিকিৎসক ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, দৰং জিলা সাহিত্য সভাৰ সভাপতি চহিৰ ভূঞা, মঙ্গলদৈ ৰাজহ চক্ৰ বিষয়া ড. সংগীতা বৰঠাকুৰ, দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, মঙলদৈ প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভবেশ কাকতিয়ে অংশগ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close