অসমশীৰ্ষ

দৰঙত বৃহৎ পৰিমাণৰ চুৰি সামগ্রী জব্দ আৰক্ষীৰ

মংগলদৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰং আৰক্ষীয়ে বিপুল পৰিমাণৰ হিৰইন ড্ৰাগচ, দুটা চুৰি লেপটপ, ৫ টা চুৰি ম’বাইল আৰু কেবালাখো টকা জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন সূত্ৰৰ আধাৰত দৰং আৰক্ষীয়ে কিৰাকাৰা গাঁৱৰ চিদ্দিক (২৫ বছৰ) আৰু ধলপুৰ গাঁৱৰ ৱাহিদ ইছলাম (১৯ বছৰ)ৰ বাসগৃ্হত তালাচী চলাই কালি সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয়। দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাভিয়ামে এন ই নাওক জনোৱা মতে যুৱক দুজনক Narcotic Drugs and Psychotropic Substances Act, 1985ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। তেওঁ লগতে জনাই যে দুয়োজন যুৱককে আজি আদালতত হাজিৰ কৰোৱাৰ পিছত দুয়োকে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close