শেহতীয়া
Home / অসম / দৰঙৰ নাহৰবাৰী কচুৱাৰ দুৰ্ঘটনাত মৃত্যু হোৱা অজয় নাথক অগণন ৰাইজৰ শেষ শ্ৰদ্ধা

দৰঙৰ নাহৰবাৰী কচুৱাৰ দুৰ্ঘটনাত মৃত্যু হোৱা অজয় নাথক অগণন ৰাইজৰ শেষ শ্ৰদ্ধা

প্ৰথম খবৰ,দেওমৰনৈ:দৰঙৰ নাহৰবাৰী কচুৱাৰ ২৬ বছৰীয়া যুৱক অজয় নাথৰ যোৱা ১১ জানুৱাৰী বৃহস্পতিবাৰে দুৰ্ঘটনাত মৃত্যু হয়। অসম অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটাত জেচিবি চলাই জীৱন নিৰ্বাহ কৰি আছিল দৰিদ্র পৰিয়ালৰ যুৱক অজয় নাথে। দৰং তথা দেওমৰনৈ কচুৱাৰ অমায়িক যুৱক সকলোৰে মৰমৰ যুৱক গৰাকীৰ ১১ জানুৱাৰীত মাৰ্ঘেৰিটাত জেচিবিৰে পাহাৰ খনন কাৰ্য চলাই আছিল হঠাৎ পাহাৰৰ প্ৰকাণ্ড শিল গাত পৰি জেচিবিৰে সৈতে হেচা মাৰি ধৰি থিতাতে নিহত হয়। ঘৰৰ একমাত্ৰ লৰা দৰিদ্র পৰিয়ালৰ অমায়িক অজয় নাথৰ মৃতদেহ তিনিদিনৰ মুৰত আজি ৰাতিপুৱা ৮ বজাত নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে অগণন লোক উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপন কৰে লগতে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*