Home / অসম / দৰঙৰ লক্ষীমপুৰত মাছ বিচাৰি ৰাইজৰ ভিৰ

দৰঙৰ লক্ষীমপুৰত মাছ বিচাৰি ৰাইজৰ ভিৰ

প্ৰথম খবৰ,দেওমৰনৈ: দৰঙৰ লক্ষীমপুৰ পুখুৰীত নিজৰ পচন্দৰ মাছ বিচাৰি অগনন ৰাইজ ভিৰ। দৰঙৰ লক্ষীমপুৰ পুখুৰীত অসমৰ বিভিন্ন ঠাইৰ লোক সমাগম হয় মাঘ বিহুৰ উৰুকাত এসাজ তৃপ্তিৰে খাবলৈ ডাঙৰ মাছ বিচাৰি। হেঁপাহৰ এসাজ খাবৰ বাবে দৰং ৰ ঐতিহ্যমণ্ডিত লক্ষীমপুৰ পুখুৰী পাৰত নিজৰ পচন্দৰ মাছটো বিছাৰি অগনন লোকে হেতাওপৰা লগাইছে৷ দৰং জিলাৰ বাহিৰেও গোৱালপাৰা ধুবুৰী নলবাৰী শুৱালকুছি ওডালগুৰি ইত্যাদি ঠাইৰ লোকে নিজৰ পচন্দৰ মাছ টো বিছাৰি হেতাওপৰা লগাইছে। ৰৌ বৰালী চিতল ভকুৱা ইত্যাদি মাছ উপলদ্ধ হৈছে৷ এই মুহুত্তলৈ প্ৰায় ৫০ -৬০ লাখ টকাৰ মাছ বিক্ৰী হৈছে৷ লক্ষীমপুৰ মীনমহল সমিতিয়ে দুৰ দুৰণিৰ লোকৰ বাবে সুকিয়াকৈ কাউন্টাৰ খুলি মাছ সংগ্ৰহৰ ব্যৱস্থা গ্রহণ কৰিছে। প্ৰতিবাৰে এনেকৈ অসমৰ বিভিন্ন ঠাইৰ লোক সকল আহি নিজৰ পচন্দৰ লোকেল মাছ নিব আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*