অসমবিনোদন

ধলপুৰৰ তিনি প্ৰতিভাবান নৃত্য শিল্পীয়ে কঢ়িয়াই আনিলে আন্তঃৰাষ্ট্ৰীয় গৌৰৱ

প্ৰথম খবৰ,ধলপুৰ:লখিমপুৰ জিলাৰ ধলপুৰৰ তিনি কনমানি নৃত্য শিল্পীয়ে অান্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰি অঞ্চলটোৰ লগতে ৰাজ্য তথা দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ নেপালৰ উৎকল যুৱ সাংস্কৃতিক সংঘৰ উদ্যোগত যোৱা ২৩ আৰু ২৪ ডিচেম্বৰত কাঠমাণ্ডুস্থিত স্বাৱানাম পেক্ষাগৃহত অনুষ্ঠিত কৰা চতুৰ্থত্বম আন্তঃৰাষ্ট্ৰীয় নৃত্য-গীত মহোৎসৱত অংশগ্ৰহণ কৰি অসমৰ দলটোৰ ধলপুৰৰ তমন্না ফুকন,মৃগাক্ষী বনিয়া আৰু প্ৰত্যুসা বনিয়াই সফলতা লাভ কৰে ৷ ধলপুৰৰ মৌজাদাৰ ৰঞ্জীত কুমাৰ ফুকন আৰু জুৰি ভট্ৰ ফুকনৰ কন্যা তমন্না ফুকনে উচ্চ শাখাৰ সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যত শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱাৰ লগতে সাংস্কৃতিক কৰ্মী তপন বনিয়া আৰু বিউতী শইকীয়া বনিয়াৰ কন্যা মৃগাক্ষী বনিয়াই মধ্য শাখাত অংশগ্ৰহন কৰি অাধুনীক নৃত্য আৰু অৰ্ধ ধ্ৰুপদী নৃত্যত শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে৷ লুহিত বনিয়া আৰু মাধুৰী শইকীয়া বনিয়াৰ চাৰি বছৰীয়া কন্যা প্ৰত্যুসা বনিয়াই নিম্ন শাখাৰ নৃত্য প্ৰতিযোগিতাত যোগদান কৰি আধুনীক নৃত্যত প্ৰথম আৰু অৰ্ধ ধ্ৰুপদী নৃত্যত তৃতীয় স্থান লাভ কৰে।  প্ৰতিভাবান তিনি শিল্পীক অঞ্চলৰটোৰ বিজ্ঞসমাজে অনাগত দিনত অাৰু অধিক সফলতাৰ আশা কৰি আৰ্শীবাদ জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close