শেহতীয়া
Home / অসম / ধুবুৰীত মৃতদেহ উদ্ধাৰ

ধুবুৰীত মৃতদেহ উদ্ধাৰ

ধুবৰীৰপৰা কবিৰ মণ্ডল,প্ৰথম খবৰ:আজি পুৱা ধুবুৰী-গৌৰীপুৰ মেইনৰোডৰ মদেৰগোলা পাগলাবাবা আশ্ৰমৰ পিছপিনে পথাৰত এটি মৃতদেহ উদ্ধাৰ হয়,পাছত ৰাইজে আৰক্ষীক খবৰ দিয়াত ধুবুৰী সদৰ থানাৰ আৰক্ষী বিষয়া সকল আহি মৃতদেহ টো উদ্ধাৰ কৰি মৰোনত্তোৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে মৃতদেহৰ ডিঙি আৰু হাতত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু ৰাইজে এয়া হত্যাকাণ্ড  বুলি সন্দেহ কৰিছে। মৃত ব্যক্তিগৰাকীক ধুবুৰীৰ পঞ্চুঘাটৰ অমিত বিশ্বাস (৩৭) বুলি চিনাক্ত কৰা হৈছে ৷ যোৱাকালি সন্ধিয়া পাঁচ বজাতে ঘৰৰ পৰা ওলাই যোৱা ব্যক্তিগৰাকীৰ আজি মৃতদেহ উদ্ধাৰ হোৱাক লৈ ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি হয় ৷

আৰক্ষীয়ে হত্যাকাৰীক ধৰিব নোৱাৰিলে ৰাইজে আন্দোলনত নামিব বুলিও ভাবুকি দিয়ে ৷
মৃত ব্যক্তিগৰাকীৰ পৰিয়ালত পত্নী আৰু এটি দুবছৰীয়া কন্যা সন্তান আছে বুলিও জানিব পৰা গৈছে৷ ব্যক্তিগৰাকীৰ কাৰো লগত কোনো ধৰণৰ শত্ৰুতা নাছিল তাৰ পাছতো কোনে কি কাৰণত হত্যা কৰিলে সেয়া এক ৰহস্য বুলিও ৰাইজে ব্যক্ত কৰাৰ লগতে প্ৰকৃত দোষিক গ্ৰপ্তাৰ কৰি শাস্তি বিহিবলৈও দাবী জনায় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*