অসমগ্ৰন্থসাহিত্য

ধেমাজি গ্ৰন্থ উৎসৱত সাংবাদিক-লেখক ৰয়েল পেগুৰ “বৰ্ষাৰণ্য পবাঃ শতিকা গৰকা দুলুঙৰ জীৱ- বৈচিত্ৰ্য” নামৰ পঞ্চমখন গ্ৰন্থ উন্মোচন

প্ৰথম খবৰ,চিচিবৰগাঁও: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰকাশিত “বৰ্ষাৰণ্য পবাঃ শতিকা গৰকা দুলুঙৰ জীৱ- বৈচিত্ৰ” নামৰ সাংবাদিক-লেখক ৰয়েল পেগুৰ পঞ্চমখন গ্ৰন্থ আজি ধেমাজি গ্ৰন্থ উৎসৱত উন্মোচন কৰা হয়। জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত উন্মোচন কৰে নিবেদিতা বড়া সন্দিকৈয়ে। আজিৰ এই উন্মোচনী সভাত উন্মোচকগৰাকীয়ে বক্তব্য ৰাখি লেখক ৰয়েল পেগুক প্ৰশংসা কৰাৰ উপৰিও তেওঁ লিখনি সদায় গতি লাভ কৰক বুলি মতপোষণ কৰে। লগতে পৰিবেশ ভাৰসাম্য ৰক্ষাৰ লগতে জীৱ- বৈচিত্ৰ্যৰ ভৰাঁলস্বৰূপ পবাৰ সম্পৰ্কে পুথিখনৰ জড়িয়তে জিলাখনৰ বৌদ্ধিক মহলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ’ব বুলি ব্যক্তব্য ৰাখে। আজিৰ গ্ৰন্থ উন্মোচনী সভাত আছুৰ উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ লিখক অনুজ লামা প্ৰমুখ্যে জিলা ছাত্ৰ সন্থাৰ একাংশ কৰ্মকৰ্তা উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close