শেহতীয়া
Home / অসম / নগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন

নগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন

প্ৰথম খবৰ,নগাঁও: নগাঁও চহৰৰ ভূঞা পট্টিত আজি দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন নগাঁও চহৰৰ সমীপৰ শেনচোৱাৰ নিতুল দাস (২৭) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, AS01DH4285 নম্বৰৰ দূৰ্তবেগী স্কুটিখনে বিপৰীত দিশৰ পৰা অহা AS02J9567 নম্বৰৰ হিৰ ছুপাৰ স্পেণ্ডাৰ বাইকখনত মুখামুখি খুন্দামৰাৰ ফলতেই দুৰ্ঘটনাটোত সংঘটিত হয়। ফলত নিতুল দাস থিতাতে নিহত হয়। দুৰ্ঘটনাটোত সংঘটিত কৰিয়েই স্কুটিখনৰ চালক জন পলায়ন কৰে। পাছত স্থানীয় ৰাইজে খবৰ দিয়াত হয়বৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*