শেহতীয়া
Home / অসম / নগাঁৱৰ কাছখাইটিত দুৰ্বৃত্তৰ গুলীচালনা:গুৰুতৰভাৱে এজন আহত

নগাঁৱৰ কাছখাইটিত দুৰ্বৃত্তৰ গুলীচালনা:গুৰুতৰভাৱে এজন আহত

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ চামগুৰিৰ কাছখাইটিত আজি নিশা সংঘটিত হোৱা এক ভয়াৱহ গুলি চালনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘৰৰ সমীপতে হোৱা গুলিচালনাত গুৰুতৰভাৱে আহত হৈছে ছাইফুল ইছলাম নামৰ এজন যুৱক। আহত গুলিবৃদ্ধ ছাইফুলে চিনাক্ত কৰিছে গুলী চালনাৰ সৈতে জড়িত কাছখাইটিৰে আন দুজনক। দুয়োপক্ষৰ মাজত হোৱা ধনৰ লেন-দেনৰ বাবেই এই ভয়াৱহ সংঘৰ্ষ হোৱা বুলি এটা সুত্ৰই সন্দেহ প্ৰকাশ কৰিছে যদিও প্ৰকৃততে পূৰ্বৰে পৰা মাটি-বাৰী সংক্ৰান্তীয় কন্দল চলি থকাৰ বাবেই এই গুলী চালনাৰ ঘটনাটো সংঘটিত হ’ল বুলি আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে। অৱশ্যে গুলীচালনাৰ সৈতে জড়িত পলাতক দুই মূল অভিযুক্ত জনৈক আজিজুল আৰু নাজিৰুলৰ সন্ধানত ৰূপহীহাট আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষীৰ সুত্ৰৰপৰা জানিব পৰা গৈছে৷ ইফালে,গুৰুতৰভাৱে আহত ছাইফুলক কাৱৈমাৰি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*