অসমনগাঁও

নগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰৰ ইৰ্ষণীয় সাফল্য,ৰাষ্ট্ৰীয় স্কুল গেমছত ৪ জনৰ পদক লাভ

প্ৰথম খবৰ,বটদ্ৰৱা:উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ২৮ জানুৱাৰীৰ পৰা চলি থকা ভভিনাম সমৰকলা ৰ ৬৩ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ত অসম দলৰপৰা প্ৰতিনিধিত্ব কৰি এতিয়ালৈকে ৫ জন প্ৰতিযোগীয়ে পদক লাভ কৰি ৰাজ্যৰ ক্ৰীড়া জগতখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰে ৪ জন প্ৰতিযোগী নগাঁৱৰ ‘নাইটছ সমৰকলা কেন্দ্ৰ’ৰ। পদক লাভ কৰা প্ৰতিযোগীকেইগৰাকী ক্ৰমে তন্ময়ী দেৱচৌধুৰী, মল্লিকা দাস, মনমাধুৰ্য গোস্বামী আৰু অনুৰাগ লস্কৰ। ভভিনাম সমৰকলাৰ ৫৫-৬০ কেজি শাখাত তন্ময়ী দেৱচৌধুৰীয়ে ৰূপৰ পদক,৫০-৫৫ কেজি শাখাত মল্লিকা দাসে ব্ৰঞ্জ আৰু মনমাধুৰ্য গোস্বামীয়ে ৫০-৫৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে কালি অনুষ্ঠিত হোৱা ৩৫ কেজি শাখাত অনুৰাগ লস্কৰে ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে,এই খেলুৱৈগৰাকীয়ে বৰ্তমান নগাঁৱৰ ‘নাইটছ সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰ’ আৰু ‘হাতীচোং কুঁজীডাহৰ ড্ৰেগনছ সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰ’ ৰ মুখ্য প্ৰশিক্ষক মিন্টু গোস্বামী আৰু সহযোগী প্ৰশিক্ষক মৃণাল কুমাৰ মহন্তৰ তত্ত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।খেলুৱৈকেইজনৰ সাফল্যত এতিয়া সমগ্ৰ নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে।

Related Articles

Leave a Reply

Close