Home / অসম / নগাঁৱৰ বামুনগাঁৱৰ ফুলনিঅাটীত নিশা চুৰৰ চাফাই অভিযান,ছমাহৰ ভিতৰতে এঘৰতে দুবাৰকৈ চুৰি

নগাঁৱৰ বামুনগাঁৱৰ ফুলনিঅাটীত নিশা চুৰৰ চাফাই অভিযান,ছমাহৰ ভিতৰতে এঘৰতে দুবাৰকৈ চুৰি

প্ৰথম খৱৰ,জাজৰি:চুৰৰ ৰম্যভূমিত পৰিণত হৈছে জাজৰি অাৰক্ষী থানাৰ অন্তৰ্গত এলেকা।দিনক দিনে বৃদ্ধি পাই অাহিছে গভাইত চুৰৰ তাণ্ডৱ।নিমাত জাজৰি অাৰক্ষী।নিশা অাৰক্ষীৰ তহলদাৰৰ অভাৱতেই সংঘটিত হৈ অাহিছে নেকি এই চুৰিকাণ্ড ঘটনা। ১৮ জানুৱাৰী তাৰিখে ফুলনিঅাটীৰ নিবাসী পূৰ্নানন্দ হাজৰিকা পত্নীৰ সৈতে গুৱাহাটীৰ পুত্ৰৰ ঘৰলৈ গৈছিল।অাজি পুৱা ১০ মান বজাত অাহি ঘৰ পাই দেখে যে তলা ভঙা অাৰু পিছফালৰ কাঠৰ দৰ্জা ভঙা অাছে ।লগতে জাজৰী অাৰক্ষীক খৱৰ দিয়ে, অাৰক্ষীয়ে অনুসন্ধানকাৰী কুকুৰ অানিও অভিযান অব্যাহত ৰাখিছে। বহু লক্ষাধিক টকাৰ পৰা নিত্য ব্যৱহাৰ্য্য সকলোবোৰ সামগ্ৰী লুটপাত চলালে চুৰৰ দলটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*