অসমযুৱশীৰ্ষ

নগৰবেৰাৰ ৰাংগাপানীত ডকাইতি কাণ্ড,ৰাজপথত আগুচি ধৰি লুটি নিলে লক্ষাধিক টকা

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ:কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  উত্তৰ ৰাংগাপানীত যোৱা নিশা ৰাজপথত এগৰাকী কাপোৰ ব্যৱসায়ীক দুগাৰাকী দুৰ্বৃত্তই আগুচি ধৰি আক্ৰমন চলাই লক্ষাধিক টকা লুটি নিয়া ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰংগেশ্বৰী গাঁৱৰ বাসিন্দা তথা প্ৰতিষ্ঠিত পাইকাৰী কাপোৰ ব্যৱসায়ী আফছাৰ আলীৰ পুত্ৰ বিলাত আলীয়ে বৰপেটা জিলাৰ কাছুমাৰা আণ্ডাভাঙ্গা সাপ্তাহিক শনিবৰীয়া বজাৰৰ পৰা নিশা প্ৰায় ন মান বজাত ঘৰলৈ আহি থকাৰ সময়তে হঠাৎ ২২০ পালচাৰ বাইক লৈ দুগৰাকী দূৰ্বৃত্তই ব্যৱসায়ী জনক আগুচি ধৰি চোকা অস্ৰৰে আক্ৰমন কৰি লক্ষাধিকা টকা লুটি নিয়ে। চোকা অস্ৰৰ আক্ৰমত বিলাত আলীক গুৰুতৰ ভাবে আহত কৰি দূৰ্বৃত্ত্ব দুগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আহত আলীয়ে সম্প্ৰতি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে।ঘটনা সন্ধৰ্ভত ইতিমধ্যেই টুপামাৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। এজাহাৰ ভিত্তীত আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close