অসম

নলবাৰীত নাট সমাৰোহ:দ্বিতীয় দিনা দুখন নাট মঞ্চস্থ

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ ‘একতাৰ এনাজৰী’ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সহযোগত নলবাৰী নাট্য মন্দিৰত চলি থকা নাট সমাৰোহৰ আজি দ্বিতীয় দিনা দুখন নাট মঞ্চস্থ হয়। গোৰেশ্বৰৰ ‘চিফুং দ্যা আৰ্টিষ্টে’ নিবেদন কৰে প্ৰণব কুমাৰ বৰ্মনৰ ৰচনা আৰু পৰী শৰণীয়াই পৰিচালনা কৰা ‘মোৰ ঘৰ ক’ত’ নাটক আৰু পোহৰ,বৰপেটাই নিবেদন কৰে নৰেন পাটগিৰিৰ ৰচনা আৰু নিতুল পাটোৱাৰীৰ পৰিচালনাৰে ‘ক’লা আইনা’। ইয়াৰ পূৰ্বে সমাৰোহৰ লগত সংগতি ৰাখি মনোজ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ ‘এনাজৰী’ উন্মোচন কৰে ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি কিশোৰ দাসে। উন্মোচনী অনুষ্ঠানত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য,সাংবাদিক কমলেশ শৰ্মা,জনপ্ৰিয় কবি প্ৰণব কুমাৰ বৰ্মন,নাট্যকৰ্মী গোকুল মহন্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট নাট্যশিল্পী মুকুল ঈদিপাছক প্ৰাঞ্জল গোস্বামী সোৱৰণী চিফুং দ্যা আৰ্ট বটা প্ৰদান কৰা হয়। প্ৰচণ্ড শীতকো নেওচি বহু দৰ্শকে নাটক দুখন উপভোগ কৰে। কাইলৈ নাট সমাৰোহত ‘ বাঘ ‘আৰু ‘ তুমি বিনে নাহি ‘ নামৰ দুখন নাট মঞ্চস্থ হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close