Home / অসম / নলবাৰীত ’ভোতাতৰা’ উন্মোচন

নলবাৰীত ’ভোতাতৰা’ উন্মোচন

প্ৰথম খবৰ,নলবাৰী: আজি আবেলি নলবাৰী বাণিজ্য মহাবিদ্যালয়ত ‘বিজ্ঞানে আনিব জোৱাৰ’ অধ্যয়ন চক্ৰৰ উদ্যোগত এখন গীত -মাত আৰু গ্ৰন্থ পত্ৰিকা উন্মোচনী সভা এখন অনুষ্ঠিত হয়।কুলেশ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ‘ভোটাতৰা ‘নামৰ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট কবি ডাঃ পংকজ গোবিন্দ মেধিয়ে।অনুষ্ঠানত মূখ্য অতিথি হিচাপে কবি তথা কৃৰ্তি শিক্ষক বিনয় কুমাৰ মজুমদাৰ,বিশিষ্ট অতিথি হিচাপে নিউজ লাইভ টিভি চেনেলৰ জেষ্ঠ পৰিচালক, সাহিত্যিক পংকজ কুমাৰ দত্ত,শিক্ষাবিদ পৰেশ চন্দ্ৰ শৰ্মা,নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাগ নিউজ চেনেলৰ সাংবাদিক তথা অধিবক্তা দীপক শৰ্মা,আমন্ত্ৰিত অতিথি হিচাপে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে অংশ গ্ৰহণ কৰি ভাষন ৰাখে।অম্লান জৌতি তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত ‘ভোটাতৰা’ নামৰ গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট কবি ডাঃ পংকজ গোবিন্দ মেধিয়ে কয় বৰ্তমান এক প্ৰতিযোগিতাৰ যুগ।এনে সময়ত এচাম নৱ প্ৰজন্মই নিজৰ প্ৰতিভা দাঙি ধৰা আৰম্ভ কৰিছে।এয়া আগন্তুক সময়ৰ বাবে সাহিত্যৰ দিশটোৰ বাবে শুভ লক্ষণ বুলি দোহাৰে৷ভোটাতৰা গ্ৰন্থ খনত সেয়াই প্ৰতিফলিত হোৱা যেন লাগে বুলিও কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*