অসম

নলবাৰীৰ নানকাৰ ভয়ৰা স্বৰ্ণিল মহোৎসৱৰ শুভাৰম্ভ

প্ৰথম খবৰ,নলবাৰী:নলবাৰী জিলাৰ পূৱ প্ৰান্তৰ নানকাৰ ভয়ৰ গাওঁৰ গৌৰৱোজ্বল বৰ্ণময় অতীতক লৈ বৰ্তমানক সামৰি আজিৰে পৰা আৰম্ভ হৈছে ‘নানকাৰ ভয়ৰা স্বৰ্ণিল মহোৎসৱ’। ইয়াৰ লগত সংগতি ৰাখি ৰুপজৌতি যুৱক সংঘৰ উদ্যোগত শিল্পী দিৱস ও উদযাপন কৰা হয়। কাৰ্যসূচী মতে পুৱা নানকাৰ ভয়ৰা স্বৰ্ণিল মহোৎসৱ প্ৰতীক সম্বলিত পতাকা উত্তোলন কৰে শিল্পী কুহি বৰ্মনে, বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে হ’বলগা এই মহোৎসৱৰ লগত জৰিত দহটা সামাজিক আৰু চৰকাৰী অনুষ্ঠানৰো পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে উল্লেখ্য যে নানকাৰ ভয়ৰা স্বৰ্ণিল মহোৎসৱৰ যোগেদি নানকাৰ ভয়ৰাৰ উন্নয়নৰ দিশত প্ৰথম পদক্ষেপ হিচাপে আজি স্থানীয় সাংসদ ৰমেন ডেকাৰ সাংসদ পুজিৰ দুই লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’বলগা গ্ৰাম্য পুথিভঁৰালৰ অধ্যয়ন কেন্দ্ৰৰ আধাৰশিলা ও স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে বিজেপি নেতা বাণেশ্বৰ দাসে। দিনৰ দহ বজাত ৰুপজৌতি যুৱক সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি কনক বৰ্মনে,শ্বহীদ তৰ্পন কৰে প্ৰাক্তন আছু নেতা অমিয় বৰ্মনে,মাল্যাৰ্পন কৰে ডাঃ প্ৰবীণ পাটোৱাৰী,জৌতি প্ৰসাদ আগৰৱালাৰ স্মৃতিত স্মৃতি তৰ্পন কৰে ডাঃ হেমন্ত দাসে,আৰু শংকৰী কলা সংস্কৃতিৰ সাধক কৰ্ণধৰ বৰ্মনে। সংঘৰ সম্পাদক দিলজিৎ বৰ্মনে আতঁ ধৰা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Related Articles

Leave a Reply

Close