অসম

নলবাৰীৰ বালিলেছা কালী মন্দিৰত অগ্নিকাণ্ড:পাঁচ লক্ষাধিক টকাৰ সম্পত্তি ধবংস  

প্ৰথম খবৰ,নলবাৰী:আজি নলবাৰীৰ কালি মন্দিৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰথমে মন্দিৰৰ ভৰাঁল ঘৰত অগ্নি সংযোগ হয়। পিছত মন্দিৰৰ কৰ্মচাৰীয়ে ধোৱা দেখি চিঞৰি বাখৰ লগাই যদিও অগ্নি দপদপকৈ জ্বলি উঠে। পিছত এগৰাকী স্হানীয় যুৱকৰ লগতে ৰাইজৰ তৎপৰতাৰ মন্দিৰত জুইৰ ভয়ানক ৰূপ নাপালে। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীও আহি উপস্থিত হৈ দায়িত্ব পালন কৰে। উক্ত অগ্নিকাণ্ডত মন্দিৰৰ প্ৰায় পাঁচ লাখ টকাৰ সম্পত্তিৰ ক্ষতি হোৱা বুলি জনা গৈছে। বিদ্যুতৰ বিসংগতিৰ ফলতে এই অগ্নিকাণ্ড হয়।

Related Articles

Leave a Reply

Close