অসম

নলবাৰীৰ শংকৰদেৱ জৈৱিক কৃষি পাম পৰিদৰ্শন বিধায়ক ফণী ভূষন চৌধুৰীৰ

প্ৰথম খবৰ,নলবাৰী:নলবাৰীৰ মৈৰাদাঙাত থকা শংকৰদেৱ জৈৱিক কৃষি পাম খন আজি বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা অগপৰ জ্যোষ্ঠ নেতা ফণী ভূষন চৌধুৰীয়ে এটা সজাতি দলৰ লগত পৰিদৰ্শন কৰে । বিধায়ক চৌধুৰীক পৰিদৰ্শন কালত সংগ দিয়ে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা ন অগপ মদন কলিতা, দলটোৰ কেন্দ্ৰীয় নেতা আক্ৰাম হুছেইন, সহ কেইবাজনেও । বিধায়ক চৌধুৰীয়ে পাম খন পৰিদৰ্শন কৰি মুগ্ধ হোৱা বুলি ব্যক্ত কৰে আৰু অসমীয়া যুৱকৰ আদৰণীয় প্ৰয়াস বুলি দোহাৰে । তেওঁ আৰু কয় কৃষিৰে আত্মনিৰ্ভৰশীল হোৱাৰ বহুত সুযোগ আছে । যুৱ সমাজে কৃষিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি মন্তব্য কৰে ।

Related Articles

Leave a Reply

Close