অসমশীৰ্ষ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু NRCত বিধি পঠালি দিব বিচৰা ৰাজনৈতিক ব্যক্তিক সকীয়নী

প্ৰথম খবৰ, শিৱসাগৰ: ২০১৬ নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে বাতিল আৰু এন আৰ চি উন্নীতকৰণৰ কামত বিধি পঠালি দিয়াৰ কৌশলেৰে ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত অসম বিৰোধী মন্তব্যৰে অসমত জাতি জনগোষ্ঠী ঐক্যতা ভঙ্গ কৰিবলৈ চেষ্টা চলোৱা ৰাজনৈতিক দালালক সকীয়াই আজি শিৱসাগৰ চহৰৰ মাজমজিয়াত এক বিক্ষোভ কাৰ্যসূচীৰে উত্তাল কৰি তোলে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে। অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ বিপদাপ্ৰন্ন হ’ব পৰা কোনো কাৰ্যকে সংগঠনটোৱে সহ্য নকৰিব বুলি স্পষ্ট কৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ শিৱসাগৰ জিলা উপায়ুক্তৰ যোগে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতাৰ উচতনিত হাত উজান দিয়া অসমৰ কংগ্ৰছী ৰাজনৈতিক নজপ্ৰতিনিধিকেইজনক গাদীৰ স্বাৰ্থত ৰাজনৈতিক দাললীগিৰিৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে।  আজি এই বিক্ষোভ কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দেৱজিত দত্ত , সহকাৰী সম্পাদক উৎপল কোঁৱৰ, সাংগঠনিক সম্পাদক অৰূপ বৰুৱাকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close