অসম

নিজম পৰিল জাতীয় বিদ্যালয় দলংঘাটৰ বাকৰি

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ:শিক্ষা ব্যৱস্থাৰ উন্নতি তথা সৰ্বাঙ্গীন প্ৰগতিৰ বাবে ২০০৮ চনৰ ১১ জানুৱাৰী তাৰিখে জন্ম লাভ কৰা জাতীয় বিদ্যালয় দলংঘাটে আজি পাৰ কৰিলে এটা দশক। একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসক কেন্দ্ৰ কৰি বিদ্যালয়খনত ১০ আৰু ১১ জানুৱাৰী ২০১৮ তাৰিখে দুদিনীয়াকৈ পালিত হৈছিল ভিন্ন কাৰ্য্যসূচীৰ। ইয়াৰে প্ৰথম দিনা শিক্ষাবিদ প্ৰফুল্ল বৰদলৈৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতেই প্ৰাক্তন শিক্ষক মহেন্দ্ৰ হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বৰিবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ হাজৰিকা। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ শিক্ষয়ত্ৰী সংগীতা বৰা শইকীয়াই আৰু বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে প্ৰধান শিক্ষয়িত্ৰী নাচৰিন হালিমে। উল্লেখযোগ্য যে সভাত উপস্থিতসমূহ অতিথি তথা অভিভাৱক অভিভাৱিকাই বিদ্যালয়খনৰ ভিন্ন দিশৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰকাশ কৰে। তদুপৰি বাৰ্ষিক প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কেইটামান গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে আৰক্ষী বিষয়া দিলীপ নাথ হাজৰিকা আৰু জন্মলগ্নৰে পৰা বিদ্যালয় খনিৰ গুৰি ধৰোতা মইনুল হকে।

আনহাতে দ্বিতীয় দিনৰ কাৰ্য্যসূচীত পুৱাৰ ভাগত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ।ইয়াৰ পিছতেই ছাত্র ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় নৃত্য গীত আৰু কবিতা পাঠৰ অনুস্থান। উল্লেখ্য যে আজিৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ এগৰাকী যুৱ কণ্ঠশিল্পী বিতু খানে।

উক্ত দুদিনীয়া কাৰ্য্যসূচী সফল ৰূপায়নত সহযোগিতা কৰাৰ বাবে প্ৰধান শিক্ষয়িত্ৰী নাচৰিন হালিমে সমূহ শিক্ষক শিক্ষয়ত্ৰী তথা কর্মচাৰী কে ধৰি ছাত্র ছাত্ৰী,অভিভাৱক, আৰু শুভাকাংক্ষীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close