অসমশীৰ্ষ

নিৰ্দয়! নিৰ্মমভাৱে হত্যা বন্যপ্ৰাণী

প্ৰথম খবৰ, বোকাজান: ২০১৭ বৰ্ষৰ শেষৰটো দিনত অৰ্থাৎ ৩১ ডিচেম্বৰ তাৰিখৰ বোকাজান মহকুমাৰ বালিপথাৰৰ সমীপত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এচাম লোকে লাঠী, জোং, দা আদি লৈ ব্যস্ত হৈ থকা দেখা গ’ল৷ প্ৰায় ১২/১৫ জনীয়া দলটো ব্যস্ত হৈ পৰিল নিৰ্মমভাৱে বন্যপ্ৰাণী বধ কৰাত।

এইসকল দয়া-মমতাহীন ব্যক্তিয়ে এনেদৰে দল বান্ধি হত্যা কৰিলে এটা আপুৰুগীয়া জহামাল৷ আনহাতে দলটোৱে পাহাৰৰ দাঁতিত হত্যা কৰিলে দুটাকৈ আপুৰুগীয়া লতামেকুৰী বাঘ৷ দলটোৱে এনেদৰে প্ৰায়ে চিকাৰ কৰি বন্য প্ৰাণী হত্যা কৰি আহিছে৷

প্ৰকৃততে অঞ্চলটোত সজাগতাৰ অভাৱ৷ যাৰ বাবে এইসকল ব্যক্তিয়ে এনেদৰে বন ধ্বংস তথা বন্যা প্ৰাণী হত্যা কৰি আহিছে৷ বনবিভাগে এই ক্ষেত্ৰত অতি শীঘ্ৰে এই অঞ্চলত বন ধ্বংস তথা বন্য প্ৰাণী হত্যাৰ বিৰুদ্ধে এক সজাগতা অনাৰ বাবে ব্যৱস্থা ল’ব লাগে প্ৰকৃতিপ্ৰেমীসকলে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close