অসম

নৱবৰ্ষৰ আনন্দৰ মাজতে টিংখাঙৰ গেৰেকনীত অঘটন:মাহ প্ৰসাদৰ বিষক্ৰীয়াত অৰ্ধ শতাধিক চিকিৎসাধীন

টিংখাঙৰপৰা মিৰাণ ইছালাম,প্ৰথম খবৰ:নৱবৰ্ষৰ আনন্দ উচ্ছাসৰ মজতে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত অঘটন। নামঘৰত মাহ প্ৰসাদত বিষক্ৰীয়াৰ ফলত ভালেকেইজন লোক চিকিৎসাধীন হব লগীয়া হৈছে। ঘটনাক কেন্দ্ৰকৰি অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে। টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ২ নম্বৰ গেৰেকনী গাঁৱৰ মিলনজ্যোতি ৰাজহুৱা নামঘৰত সংঘটিত হৈছে এই ঘটনা। পহিলা জানুৱাৰীৰ নিশা নামঘৰটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা হৈছিল ভাগৱত পাঠৰ। এই ভাগৱত পাঠ অনুষ্ঠানত গাঁৱখনৰ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰে। ভাগৱত পাঠৰ অন্তত ৰাজহুৱাভাৱে বিতৰণ কৰা মাহ প্ৰাসদ গ্ৰহণ কৰে ৰাইজে। ইয়াৰ পাছতে ক্ৰমাত ইজনৰ পাছত সিজন লোক শৌচ,বমি মূৰৰ বিষ,পেট ফুলা আদিত অক্ৰান্ত হোৱাত গাঁৱখনত হুৱাদুৱাৰ সৃষ্টি হয়। আজি পূৱা পৰ্যন্ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে ঘটনাত আক্ৰন্ত অৰ্ধ শতাধিক লোকক স্থানীয় কেন্দুগুৰি চাহ বাগিছা আৰু ৰাজগড় সামূহিক স্বাস্হ্য কেন্দ্ৰত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ইপিনে মাহ প্ৰসাদত বিষক্ৰীয়া ঘটা বুলি নিশ্চিত কৰিছে চিকিৎসক পিতাম্বৰ তাঁতীয়ে । মাহ প্ৰসাদৰ বিষক্ৰীয়া ঘটা এই ঘটনাই গাঁৱখনত নৱবৰ্ষৰ উচ্ছাস উদ্দীপনা ম্লান পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close