শেহতীয়া
Home / অসম / নৱবৰ্ষৰ আনন্দ উৎসাহৰ মাজতে কমাৰগাওঁত বনভোজ খাবলৈ গৈ এজনৰ মৃত্যু, উদ্ধাৰ ৪জনক

নৱবৰ্ষৰ আনন্দ উৎসাহৰ মাজতে কমাৰগাওঁত বনভোজ খাবলৈ গৈ এজনৰ মৃত্যু, উদ্ধাৰ ৪জনক

প্ৰথম খবৰ,খুমটাই: গোলাঘাট জিলাৰ কমাৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত মুহুৰামুখ বংকুৱালৰ ব্ৰহ্মপুত্ৰ বালিচৰত বনভোজ খাবলৈ গৈ আজি এজন লোক পানীত পৰি মৃত্যু হয়। মৃত লোকজন কমাৰগাঁও বৰদিহিঙীয়া গাঁৱৰ ফিলিপ হাজৰিকা (৩৬) বুলি জানিব পৰা গৈছে। 

প্ৰত্যক্ষদৰ্শীৰ মতে, ফিলিপ হাজৰিকা নামৰ যুৱকজনে এখন টুলুঙা নাৱেৰে চাৰিগৰাকী যুৱতীৰ সৈতে ব্ৰহ্মপুত্ৰ এৰা সুঁতিত আনটোৰ পাৰলৈ বনভোজ খাবলৈ গৈ থকা অৱস্থাত মাজভাগতে নাওখন ডুব যায়। এই দৃশ্য প্ৰত্যক্ষ কৰি থকা দিপু লইং নামৰ যুৱকজনে লগে লগে সাতুৰি গৈ চাৰিগৰাকী যুৱতীক উদ্ধাৰ কৰে।

বহু সময়ৰ লৈকে ফিলিপ হাজৰিকা নামৰ যুৱকজনক দেখা নাপাই আনটো পাৰত ৰৈ থকা দীপাংকৰ মৰাং আৰু অভিনাশ পাঠৰী নামৰ যুৱক দুজনে বহু সময়ৰ পাছত ফিলিপ হাজৰিকা নামৰ যুৱকজনক উদ্ধাৰ কৰি লগে লগে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। শেষত চিকিৎসকে যুৱকজন মৃত বুলি ঘোষণা কৰে।

অঞ্চলটোত ফিলিপ হাজৰিকা মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে অসংখ্য গুণমুগ্ধই ভীৰ কৰেহি ফিলিপ হাজৰিকাৰ বাসগৃহত। গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা পাছত মৃতদেহ কমাৰগাঁও আহি পোৱাৰ লগে লগে কমাৰগাঁও নাট্য মন্দিৰ, বৰদিহিঙিয়া নামঘৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা নিবেদন কৰে। পত্নী আৰু এটি কনমানি কন্যা সন্তান ইহসংসাৰত এৰি থৈ গৈছে তেওঁ। হাজৰিকাৰ অকাল মৃত্যু কমাৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*