অসম

পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰীৰ সমষ্টিতে গ্ৰামোন্নয়ন ধনেৰে ভৱন নিৰ্মানত অনিয়ম ঢকুৱাখনাত

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ :ৰাজ্যৰ খোদ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰীৰ সমষ্টিতে গ্ৰামোন্নয়ন ধনেৰে ভৱন নিৰ্মানত অনিয়ম সংঘটিত কৰিছে ঠিকাদাৰ – অভিযন্ত্ৰাই ।

উল্লেখ্য যে ঢকুৱাখনাৰ বিধায়ক তথা নৱ কুমাৰ দলেয়ে যোৱা ৩০ ডিচেম্বৰত ঢকুৱাখনা উন্নয়ন খণ্ডৰ চৌহদত ১ কোটি ২৬ লাখ টকাৰে নিৰ্মাণৰ বাবে শুভাৰম্ভ কৰা ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ নতুন কাৰ্য্যালয়ৰ প্ৰাৰম্ভিক নিৰ্মান কাৰ্য্যতে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে আছু আৰু ঢকুৱাখনাৰ সচেতন ৰাইজে । ইপিনে গাঁত নখন্দাকৈ, ধুমুচ নমৰাকৈ পানী চতিয়াই ঢালাই মাৰিয়ে ঠিকাদাৰ আৰু অভিযন্ত্ৰাই নিম্ন মানৰ কামেৰে চৰকাৰী ধন লুণ্ঠনৰ ফান্দি পতাত আজি ক্ষুব্ধ একাংশ সচেতন ৰাইজৰ লগতে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ – সন্থাৰ বিষয় ববীয়া স্বৰাজ গগৈ, দিব্য ৰামচিয়াৰী, টাই আহোম ছাত্ৰ – সন্থাৰ হিতেশ ফুকন, বাবুল চেতিয়া ইত্যাদি লগতে একাংশ সদস্যই নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়ে । গুৰুত্বপূৰ্ণ কথা যে, ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া গৰাকীৰ চকুৰ সন্মুখতে পুৰণি আৰু নিম্নমানৰ ইটাৰে ঠিকাদাৰে লুণ্ঠনৰ স্বাৰ্থত কাম কৰাৰ পিছতো খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কামত চকু নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে ঢকুৱাখনা দল, সংগঠন সচেতন মহলে ।

Related Articles

Leave a Reply

Close