Home / অসম / পথৰুঘাটৰ কৃষক শ্বহীদকলৈ চৰকাৰৰ ৰাজনীতি

পথৰুঘাটৰ কৃষক শ্বহীদকলৈ চৰকাৰৰ ৰাজনীতি

প্ৰথম খবৰ;মংগলদৈ:দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত পথৰুঘাটৰ কৃষক শ্বহীদৰ সমাধিস্থলত কদৰ্যময় পৰিবেশ।চৰকাৰৰ নাই কোনো কানসাৰ আজি ওলাই আহিল দৰঙৰ চচিয়েল মেডিয়া গ্ৰুপ খাটী দৰঙৰ ঝিয়া লিকিৰা আমি আৰু পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে কৃষক শ্বহীদৰ সমাধিস্থলীটি চাফচিকুণ কৰে । বিগত কংগ্ৰেছ চৰকাৰৰ দিনত নেতা পালিনেতা আৰু বিধায়ক মন্ত্ৰী সকলে বহুতো আচঁনি ঘোষণা কৰি থৈ গৈছিল কিন্তু আঁচনি ঘোষণাতে থাকিল।কোনো উন্নয়ন নেদেখিলে ৰাইজে।
পাথৰিঘাটৰ শ্বহীদ ভৱনক লৈ সোণোৱাল চৰকাৰৰ ল’ৰা ধেমালি। ফলকতেই সীমাবদ্ধ সংগ্ৰাহলয় ।বিজেপিৰ মিত্ৰজোটৰ চৰকাৰৰ দিনতো এক প্ৰকাৰৰ উপেক্ষিত পাথৰিঘাট প্ৰতিষ্ঠা কৰাৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ঘোষনা কাৰ্যত অন্তঃসাৰশূণ্য হ’ল । ২০১৭ চনৰ ২৮ জানুৱাৰীত কৃষক শ্বহীদ দিৱসৰ মুকলি সভাত ৰাজ্য চৰকাৰে সদম্ভে ঘোষণা কৰিছিল যে কৃষক শ্বহীদৰ সমাধি ক্ষেত্ৰৰ আন্তগাঁথনি উন্নয়ন কৰা হ’ব। বাস্তৱত এবছৰে কোনো উন্নয়ন মূলক আচনি গ্ৰহণ নহ’ল পাথৰিঘাটত।সমাগত ২৮ জানুৱাৰী কৃষক শ্বহীদ দিৱস। ৰজা ঘৰ প্ৰজাঘৰ কাৰোৰে নাই এইবাৰ উমঘাম।২০১৭ চনৰ ২৮ জানুৱাৰীত মূখ্যমন্ত্ৰী হিছাপে পাথৰিঘাটলৈ আহিছিল সৰ্বানন্দ সোনোৱাল। কৃষক শ্বহীদ দিৱসৰ মঞ্চত আশ্বাস প্ৰতিশ্ৰুতিৰে ৰাইজৰ বাহ বাহ লোৱাৰ বাহিৰে বাস্তৱত সকলোবোৰ এতিয়া পাহৰণিৰ গৰ্ভত।সমাধান নহ’ল পথৰুঘাটৰ সমস্যা । মূলতঃ বিজেপি চৰকাৰৰ দিনত পাথৰিঘাটে প্ৰান পাব বুলি ভবা ৰাইজৰ ধাৰনা অমূলক হোৱাৰ দিশত । ৭ কুৰি কৃষক শ্বহীদ ৰ সমাধি ক্ষেত্ৰক লৈ ৰাইজৰ সৰব চৰ্চা ।১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৃটিছৰ গুলিত প্ৰাণ হেৰুৱাইছিল সাতকুৰি কৃষক শ্বহীদে । কৃষক শ্বহীদৰ স্থলীত বৰ্তমান এতিয়া গৰু ছাগলীৰ চৰণীয়া পথাৰৰ লগতে কদৰ্য ময় পৰিবেশ হৈ থকাৰ অবস্থাত দৰং জিলাৰ এটা জনপ্ৰিয় ফেচবুক গ্ৰুপ ”খাটী দৰঙৰ ঝিয়া লিকিৰা আমি” আৰু পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই চাফ চিকুণ কৰে। ৰাইজে চৰকাৰৰ পদক্ষেপলৈ অধিক আগ্রহেৰে বাট চাই আছে পথৰুঘাটৰ কৃষক সমাধিস্থলীক উন্নয়ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*