Home / অসম / পাকিস্তানক হৰুৱাই ভাৰতৰ ফাইনেলত প্ৰৱেশ

পাকিস্তানক হৰুৱাই ভাৰতৰ ফাইনেলত প্ৰৱেশ

স্পোৰ্টচ্ ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ ১৯ বছৰ অনুৰ্ধ্বৰ ক্ৰিকেট দলে ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপত পাকিস্তানক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে। মঙ্গলবাৰে হোৱা ছেমিফাইনেল খেল খনত ভাৰত ২০৩ ৰাণত জয়ী হয়। খেলখনত পাকিস্তানৰ দলে ৩০ অভাৰ খেলো খেলিব নোৱাৰিলে আৰু ৬৯ ৰাণত অল আউট হয়। ভাৰতৰ জয়ত সন্তোষ প্ৰকাশ কৰি বহুকেইজন প্ৰাক্তন খেলুৱৈয়ে দলৰ সদস্য তথা মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক প্ৰশংসা কৰে।
খেলখনত ভাৰত টচত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সুভমণ গীলৰ ৯৪ বলত ১০২ ৰাণৰ সহায়ত ৫০ অভাৰত ৯ টা উইকেটৰ বিনিময়ত ২৭২ ৰাণ সংগ্ৰহ কৰে। গীলৰ উপৰিও খেলখনত অধিনায়ক পৃথ্বী শ্বয়ে ৪১, মনজোৎ কালৰায়ে ৪৭ ৰাণ কৰে। পাকিস্তানৰ হৈ মুহাম্মদ মুচায়ে ৪ টা উইকেট দখল কৰে তথা ইকবালে দখল কৰে ৩ টা উইকেট।

২৭৩ ৰাণৰ লক্ষ্য লৈ নমা পাকিস্তানৰ দল ২৯.৩ অভাৰত ৬৯ ৰাণত ধৰাশয়ী হয়। ভাৰতৰ হৈ ইশ্বান পৰেলে ৪ টা উইকেট দখল কৰে তথা শিৱা সিংহ আৰু অসমৰ ৰিয়ান পৰাগে ২ টাকৈ উইকেট দখল কৰে। সুভমন গীলে খেলখনত মেন অৱ দি মেটচ্ বঁটা লাভ কৰে। অহা ৩ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ লগত ভাৰতৰ চূড়ান্ত খেলখন অনুষ্ঠিত হব।
সমগ্ৰ ভাৰত বাসীয়ে ভাৰতৰ দলটি যাতে বিশ্বকাপ জয় কৰিব পাৰে তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*