শেহতীয়া
Home / অসম / পাথৰিঘাট মহকুমাৰ দাবীত ৰাজহুৱা সভা

পাথৰিঘাট মহকুমাৰ দাবীত ৰাজহুৱা সভা

প্ৰথম খবৰ,দেওমৰনৈ:দৰঙৰ ঐতিহাসিক পাথৰিঘাট শ্বহীদ ভৱনত পাথৰিঘাট দাবী সমিতিৰ উদ্যোগত আজি দাবী সমিতিৰ সভাপতি যোগেন্দ্ৰ নাথ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ঐতিহাসিক কৃষক শ্বহীদৰ ঠাই পাথৰিঘাট ক মহকুমা ঘোষণা কৰিবলৈ ২৮ জানুৱাৰী কৃষক শ্বহীদ দিৱসত। দৰঙৰ উপায়ুক্ত, বিধায়কৰ জৰিয়তে পাথৰিঘাট মহকুমা ঘোষণা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু পাথৰিঘাট অঞ্চলৰ প্ৰতিখন গাঁৱৰপৰা ৫ গৰাকীকৈ ব্যক্তিক অন্তভুক্ত কৰি দাবী সমিতিখন প্ৰসাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আগতে বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিল মুখ্যমন্ত্ৰী,বিধায়ক,উপায়ুক্তক কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা নেদেখিলে এইবাৰ পৰিবৰ্তন কামী চৰকাৰৰ পৰা আশা কৰিছে দাবী সমিতিয়ে। অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সাজু আছে বুলি মত ব্যক্ত কৰে। সভাৰ আঁত ধৰে দাবী সমিতিৰ সাধাৰণ সম্পাদক চাইফুল হকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*