অসম

পুৰণিগুদামত বন বিভাগৰ অভিযান:জব্দ অবৈধ কাঠ মিল

বঢ়মপুৰৰপৰা নয়ন মনি বৰা,প্ৰথম খবৰ:নগাওঁ জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদামৰ চলচলীত বন বিভাগে আজি এক অভিযান চলায়। জানিবপৰা মতে শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডল আৰু এ চি এফ বিষয়া কে কে দেউৰীৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে পুৰণিগুদামৰ চলচলীত অভিযান চলায় দুটা অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা অবৈধ কাঠ মিল দুটাৰ গৰাকী পুৰণিগুদাম চলচলীৰ ৰুবুল আলী আৰু দিব্যজ্যোতি বৰা বুলি বন বিভাগৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য যে বন বিভাগৰ দলটোত শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী,নগাওঁ সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ লোক উপস্থিত আছিল।

Related Articles

Leave a Reply

Close