অসম

প্ৰচণ্ড কুৱলীকো প্ৰত্যাহ্বান জনাই জীৱন সংগ্ৰামত ব্যস্ত হাতীলৰুৱাৰ কৃষকসকল

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম,প্ৰথম খবৰ: মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত হাতীলৰুৱা পথাৰৰ ২০০৪ চনতে ব্ৰহ্মপুত্ৰৰ বালিত এক প্ৰকাৰে মৰুভূমিত পৰিণত হোৱা বৃহত্তৰ অঞ্চলটোত বতমান সময়লৈকে নহয় কোনো ধৰণৰ ধানৰ খেতি। মাকৈ আলু,বিলাহী,বেঙেনা,গাজৰ ইত্যাদি কিছুমান নিদিৰ্ষ্ট সংখ্যক খেতিৰ ওপৰতে জীৱন সংগ্ৰাম অব্যাহত ৰাখিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে। তাৰ পিছতো আকৌ ভূতৰ ওপৰত দানৱ পৰা দি প্ৰত্যেক বছৰেই বলিয়া বানৰ তাণ্ডৱৰ সন্মুখীন হ’ব লগা হৈছে। যোৱা বছৰটোতো পাঁচটাকৈ বলিয়া বানৰ তাণ্ডৱত সমস্ত হেৰুৱাব লগা হয় অঞ্চলটোৰ কৃষকসকলে। ইয়াৰ পিছতো জীৱন সংগ্ৰামৰ পৰা আঁতৰি থকা নাই এই সকল খাটি খোৱা কৃষকে। পূৱতী নিশাই ডাঠ কুঁৱলীকো এক প্ৰকাৰে প্ৰত্যাহ্বান জনাই অব্যাহত ৰাখিছে নিজৰ জীৱন সংগ্ৰাম। ল’ৰা ছোৱালীক পোহ পাল দিয়া শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়াৰ লগতে দৈনন্দিন জীৱনৰ চাহিদা সমূহ পূৰণৰ বাবে কৃষি কময় তেওঁলোকৰ বাবে এক মাত্ৰ সম্বল। কিন্তু দূৰভাগ্যৰ কথাটো হ’ল এই সলক কঠোৰ পৰিশ্ৰমী কৃষক কুলৰ বাবে কৃষি বিভাগ আজিও সাথৰ স্বৰূপ। যি সময়ত পৰিবৰ্তনকামী চৰকাৰটোৱে কৃষি খণ্ডৰ আমোল পৰিৱৰ্তন ঘটাবলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈছে তেনে সময়তো দেখিবলৈ পোৱা গৈছে কৃষি বিভাগে প্ৰদান কৰা বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা সম্পূৰ্ণ ৰূপে বঞ্চিত এই সকল কঠোৰ পৰিশ্ৰমী কৃষক কুল।আনকি বিভিন্ন কাৰণত বিভিন্ন সময়ত খেতি পথাৰ সমূহ বিনষ্ট হলেও চাবলৈ নাহে বিয়াগোম কৃষি বিভাগটোৰ বৰ মূৰীয়া সকল। কৃষি বিভাগে প্ৰদান কৰা বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আৰু উন্নত মানৰ বীজ সমূহ সমাজৰ কিছুমান দালাল শ্ৰেণীৰ দুষ্টলোকে আত্মহাত কৰি চোৰাং বাবে বিভিন্ন ৰাসায়নিক সাৰ দোকানত বিক্ৰী কৰিছে। কৃষক কুলৰ মূৰত মাৰিছে ৰাম টাঙোন। এতিয়া পৰিৱৰ্তন কামী চৰকাৰৰ ওচৰত খাটি খোৱা কৃষক কুল তথা সমাজৰ সচেতন মহলৰ কোটি টকীয়া প্ৰশ্ন পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনবোৰৰ দৰেই সমাজত এই দালাল শ্ৰেণীৰ দপদপনি অব্যাহত থাকিবনে? নে পৰিৱৰ্তন কামী চৰকাৰে এই দালাল শ্ৰেণীটোক নাকি লগাই কৃষক কুলক প্ৰকৃত ন্যায় প্ৰদান কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close