
ধেমাজিৰপৰা বিজন শৰ্মা,প্ৰথম খবৰ:হাতত গ্ৰন্থ উৎসৱত সবাতোকৈ বেছি বিক্ৰী হোৱা কিতাপ লৈ সপ্ৰতীভ সুন্দৰ যুৱকৰ সাৱলীল খোজ কাটল৷পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত ধেমাজি গ্ৰন্থ উৎসৱত পৰম্পৰা আৰু বৌদ্ধিকতাৰ মনিকাঞ্চন সংযোগ ৷
১৯ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ধেমাজিত আছুৰ উদ্যোগত আয়োজিত হৈ আছে গ্ৰন্থ উৎসৱ ৷ প্ৰতিটো দিন ব্যতিক্ৰমী অনুষ্ঠান আৰু আলোচনাৰে গ্ৰন্থ আন্দোলনক নতুন মাত্ৰা প্ৰদানৰ প্ৰচেষ্টা অব্যাহত ৰখা উদ্যোক্তা সকলে বুধবাৰৰ সন্ধিয়া ফেশ্যন আৰু মডেলিঙক আন এক সুকীয়া মাত্ৰা প্ৰদান কৰি গঠনাত্মক চিন্তাৰে আয়োজন কৰিলে ব্যতিক্ৰমী “ফেশ্যন শ্ব” ৷৷ বুধবাৰৰ সন্ধিয়া হাতে হাতে গ্ৰন্থ উৎসৱৰ বেষ্ট চেলাৰ গ্ৰন্থসমূহ লৈ মডেলে মঞ্চত কেটৱাক কৰিলে ৷মিছিং,বড়ো,দেউৰী,ৰাভা,আহোম আদি অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি মডেল সকলে পৰম্পৰাগত সাজ পাৰৰ স্বক্ৰীয়তা আৰু সুন্দৰতা প্ৰদৰ্শনৰ লগতে হাতত পঢ়ুৱৈ সমাজৰ আকৰ্ষক গ্ৰন্থ লৈ কেটৱাক কৰি পাঁচ সহস্ৰাধিক ৰাইজৰ আগত গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিকতা প্ৰচাৰৰ এক নতুন ধাৰনাৰ আভাস দিলে।