
উজনি মাজুলীৰপৰা প্ৰাঞ্জল খাউণ্ড,প্ৰথম খবৰ:উজনি মাজুলীৰ ৰতন পুৰৰ প্ৰফুল্ল বৰুৱাৰ এক মাত্ৰ পুত্ৰ সন্তান অম্লানজ্যোতি বৰা বহু দিনৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজি আজি পুৱা গুৱাহাটী চিকিৎসালয়ত পৰিয়াল , মাজুলী বাসিক কন্দুৱাই জীৱনৰ পৰা মেলানি মাগিলে৷ অম্লানক সুস্থ কৰি তুলিবলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে মাজুলী বাসিৰ পৰা দান বৰঙনী তুলি অৰ্থ সাহায্য প্ৰদান কৰিও মেধাবি ছাত্ৰ জনক সুস্থ কৰিব নোৱাৰি ছাত্ৰ সংগঠনটোৰ বিষয় ববিয়া সকল আজি ভাগি পৰিছে ৷ কান্দুনত বাত অন্ধকাৰ হোৱা পৰিয়ালটোলৈ সমবেদন জ্ঞাপন কৰাৰ লগতে আজি সন্ধ্যা মাজুলীৰ মহাবিদ্যালয় ৰঙাচাহি মহাবিদ্যালয় , খেৰকটীয়া কলেজ আৰু মাজুলী মহাবিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ সকলে বন্তি প্ৰজ্বলন কৰি অম্লানজ্যোতিৰ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই৷
মেধাবী ছাত্ৰ জনৰ মৃত্যুত পূ্ৱ মাজুলী মহাবিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰি , ছাত্ৰ – ছাত্ৰী , আৰু মাজুলী বাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ছাত্ৰ জনৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰিছে ৷