অসম

ফকিৰাগ্ৰামত উখল-মাখল পৰিবেশ,আৰম্ভ আক্ৰাছুৰ ১৬ তম শ্বহীদ দিৱস আৰু কেন্দ্ৰীয় প্ৰতিনিধি সভা

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, থম খবৰ:কোচ-ৰাজবংশী জনগোষ্ঠীৰ সাহিত্য,ভাষা,কৃষ্টি আৰু সংস্কৃতি প্ৰতিফলিত কৰি আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে আক্ৰাছুৰ ১৬ তম শ্বহীদ দিসৱৰ উপৰি কেন্দ্ৰীয় প্ৰতিনিধি সভা৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ময়নাৰতলত যামিনী কুমাৰ বৰুৱা সমন্বয় ক্ষেত্ৰত আজি পতাকা উত্তোলন কৰি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰ পাতনি মেলিলে আক্ৰাছুয়ে৷ আক্ৰাছুৰ ১৬ তম শ্বহীদ দিবস আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভাৰ অভ্যৰ্থনা সমিতিৰ তত্বাৱধনাত পৰিচালত দুদিনীয়া  কাৰ্যসূচীত আজি ৰাতিপূৱা আক্ৰাছুৰ সভাপতিদ্বয় ক্ৰমে হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ ৰায়ে সংগঠণৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ পাতনি মেলে৷জিলাখনৰ ফকিৰাগ্ৰাম বজাৰ সংলগ্ন এলেকাত আড়ম্বৰপূৰ্ণভাৱে আয়োজিত দুদিনীয়া কাৰ্যসূচীত ব্যাপক উছাহ আৰু উদ্দীপনাৰ মাজেৰে আক্ৰাছুৰ ভগ্নী সংগঠন মহিলা সমিতিৰ সভানেত্ৰী ক্ৰমে মালতী ৰায় আৰু পুৰৱী সৰকাৰে মহিলা সমিতিৰ পতাকা উত্তোলন কৰাৰ উপৰি চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে দেৱৰঞ্জন মণ্ডল আৰু উপ সেনাধ্যক্ষ ৰাজু ৰায়ে৷একেদৰে কোচ ৰাজবংশীৰ সাংস্কৃতিক পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমেশ ৰায়ে৷আনহাতে শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জলন কৰে আক্ৰাছুৰ সাধাৰন সম্পাদক গোকুল বৰ্মন আৰু উপ সভাপতি মুকুল বৰুৱাই৷ একেখন স্হানতে শ্বহীদ বৃন্দাবন ৰাজবংশী শ্বহীদ বেদী মুকলি কৰে প্ৰয়াত বৃন্দাবনৰ পিতৃ কমলা কান্ত ৰায়ে৷ তাৰ লগতে ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ কাৰ্যলয়খন উদ্বোধন কৰে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে৷আজিৰ দিনটোত বিয়লি ১ বজাৰ পৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ উপৰি সন্ধিয়া শ্বহীদ বেদীত বন্তি প্ৰজ্জলন কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক কংকোন ৰায়ে৷আনহাতে ৮ জানুৱাৰী তাৰিখে ৰাতিপূৱা দহ বজাত আক্ৰাছু আৰু অভ্যৰ্থনা সমিতিয়ে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ উপৰি বিয়লি ২ বজাৰ পৰা ৰমেশ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা৷ মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে মুখ্য অতিথি হিচাপে আৰু সন্মানীয় অতিথি হিচাপে কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকতক আমন্ত্ৰন জনাইছে৷ তাৰোপৰি মুকলি সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি কৃষ্ণ মোহন ৰায়,কোচ ৰাজবংশী কালচাৰেল ছোছাইটিৰ সভাপতি বুদ্ধেশ্বৰ ৰায়,কোচ ৰাজবংশী যুৱ সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি তৰুণ বিজয়,আক্ৰাছু একত্ৰীকৰণ সমিতিৰ মুখ্য আহ্বায়ক তৰনী কান্ত ৰায় আদিকে ধৰি আন বহু সংখ্যক বিশিষ্ঠ ব্যক্তিক আমন্ত্ৰিত অতিথিৰ আসন শুৱনি কৰিব বুলি প্ৰকাশ কৰিছে আক্ৰাছু আৰু অভ্যৰ্থনা সমিতিয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close