অসম

বঙাইগাঁৱত সোণ চাফ কৰিব আহি বিহাৰৰ যুৱক আটক:ৰাইজৰ উত্তম মাধ্যম

বঙাইগাঁৱৰপৰা প্ৰশান্ত ৰায়,প্ৰথম খবৰ:আজি বঙাইগাঁৱৰ আটুগাঁৱত সোণ চোৰৰ ওপৰত ঔ কিল পৰে৷ বঙাইগাঁৱৰ চহৰৰ পৰা নাতিদূৰৰ  আটুগাঁৱৰ টুল টুল সিংহৰ ঘৰত সোণ চাফ কৰিব আহে দুজন লোক আৰু সোণ চাফ কৰি লুটিব খোজাৰ সম্ভেদ পাই ৰাইজৰ ৰোষত পৰি লপা ঠপা খালে এজন বিহাৰৰ পৰা অহা যুৱক। এজন লোক সুবিধা বুজি পলাই যোৱাৰ পাছত অন্য জনক ৰাইজে ধৰি ঔ কিল দি আৰক্ষীক গতাই দিয়ে।

সোণ চাফ কৰি চোৰ কৰাৰ মানসৰে অহা বিহাৰৰ  চোৰ জনৰ  নাম বিষ্ণু চৌধুৰী(৩৫)। গাওঁখনৰ ৰাইজে খেদি খেদি পথাৰৰ মাজত আটক কৰে আৰু ৰাইজৰ মাৰত তেজেৰে তুমুৰি হয়৷ ৰাইজে চোৰ জনক পানীত ডুবায় আৰু  সমদল কৰি ৰাইজে পিছত আৰক্ষীক খবৰ দি গটাই দিয়ে ৰাইজক ৰামঠগন দিয়া  লুটি খোৱা বপুৰাক৷ পিছত আৰক্ষী আহি উদ্ধাৰ কৰে সোণবোৰ।

Related Articles

Leave a Reply

Close