শেহতীয়া
Home / অসম / বটদ্রৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়লৈ চৰকাৰৰ এক কোটি টকাৰ

বটদ্রৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়লৈ চৰকাৰৰ এক কোটি টকাৰ

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ:গুৰুজনাৰ নামৰে স্থাপিত বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ আন্ত:গাঠনি উন্নয়নৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছে এক কোটি টকাৰ এক সাহাৰ্য। উক্ত ধনৰাশিৰে হ’ব লগা আন্তঃগাঠণি উন্নয়নকাৰ্যৰ আজি শুভাৰম্ভণি কৰে বটদ্রৱাৰ বিধায়িকা আঙুৰলতা ডেকাই।উচ্চ শিক্ষাৰ অনুষ্ঠানটিৰ নিৰ্মাণকাৰ্য শুভাৰম্ভণি কৰি বিধায়িকা গৰাকীয়ে শিক্ষাৰ আমূল পৰিবৰ্তনৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন আঁচনি সমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁৰ কাৰ্যকালত সমষ্টিৰ মহাবিদ্যালয়খনলৈ প্রথমবাৰৰ বাবে শিক্ষা বিভাগৰ পৰা আগবঢ়োৱা ধনেৰে নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। মহাবিদ্যালয়খনৰ প্রাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই আঁতধৰা শুভাৰম্ভণি অনুষ্ঠানটিত অধ্যক্ষ হবিবুৰ ৰহমান,মহাবিদ্যালয় খনৰ আধ্যপক-অধ্যাপিকা, কৰ্মচাৰী, পৰিচালনা সমিতিৰ সদস্য,ছাত্র-ছাত্রী আৰু স্থানীয় ৰাইজসহ পাঁচ শতাধিক লোক উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*