অসম

বলেৰ-টেম্পৰ মুখামুখি সংঘৰ্ষ, চালক সহ আহত ৪

কিশোৰ মিশ্ৰ, প্ৰথম খবৰ, ফকিৰাগ্ৰাম: জানুৱাৰীৰ প্ৰথমটো দিনতে ভয়ানক দুৰ্ঘটনা সংঘটিত হ’ল ফকিৰাগ্ৰামত৷ গুৰুতৰভাৱে আহত হ’ল পাঁচজন লোক৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত কোদাল দোৱাত আজি ৰাতিপুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত অটো চালকসহ আন চাৰিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ প্ৰাপ্ত বাতৰি মতে আজি ৰাতিপুৱা ৯:১৫ বজামানত কোদাল দোৱাত এ এছ ১৬ -চি/৪৬৮২ নম্বৰৰ এখন নিয়ন্ত্ৰনহীন বলেৰ’ পিক আপ ভানে অটোখনক খুন্দিওৱাৰ ফলত অটো চালক ধুবুৰী জিলাৰ চিৰাকুটি গাঁৱৰ বাসিন্দা আবুল হোচেনৰ পুত্ৰ আব্দুল হক সহ আন চাৰিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়৷

জানিব পৰা মতে আহত যাত্ৰীসকল নগাঁও জিলাৰ শান্তিপুৰ গাঁৱৰ বাসিন্দা৷ নগাঁও জিলাৰ শান্তিপুৰ গাঁৱৰ বিপ্লৱ সাহাৰ পুত্ৰ জ্যোতিৰ্ময় সাহা (৪৪), অবনি মোহন সাহাৰ পুত্ৰ বিপুল সাহা (৪৬), বি,সাহাৰ পত্নী ৰঞ্জিতা সাহা (৩৮) আৰু হৰেকৃষ্ণ সাহাৰ পুত্ৰ ভৱানী সাহা বুলি চিনাক্ত কৰা হৈছে৷

জানিব পৰা মতে যাত্ৰী সকলে ধুবুৰী জিলালৈ গৈ থকা সময়তে পিক্‌ আপ ভানৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱাৰ পিছতে আৰক্ষীয়ে চিকিৎসাৰ বাবে স্থানীয় ফকিৰাগ্ৰাম ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অটো চালক সহ আটাইকেইজন যাত্ৰীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসক প্ৰদীপ কুমাৰ দাসে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিক্‌ আপ ভানৰ চালক নুৰ ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ উপৰি গাড়ীখন জব্দ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close