শেহতীয়া
Home / অসম / বিভিন্ন কাৰ্যসূচীৰে দুলীয়াজানত ভোগালী বিহু উদযাপন

বিভিন্ন কাৰ্যসূচীৰে দুলীয়াজানত ভোগালী বিহু উদযাপন

প্ৰথম খবৰ,দুলীয়াজান:ভোগৰ ভোগালী এতিয়া আখলত। পিঠা পনা,জা-জলপান,বিভিন্ন সজ্জাৰ ভেলাঘৰে অসমীয়া জাতিৰ হেপাঁহৰ ভোগালীক আদৰিবলৈ ৰাইজে টঙালী বন্ধাৰ সময়তে দুলীয়াজানৰ ২ নং মহমাৰী গাঁৱত কাইলৈৰ পৰা দুদিনীয়াকৈ আনুষ্ঠানিকতাৰ মাজেৰে ভোগালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে গাঁৱৰ মধ্যবিন্দুৰ দীনবন্ধু নামঘৰৰ সমীপত আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰংঘৰ আৰ্হিত ভেলাঘৰ আৰু প্ৰতিকী অৰ্থত অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত ম’হ যুঁজ। কঠালগুৰী খেৰেমীয়া উপ শাখা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত ভোগালীৰ কাৰ্যসূচীত প্ৰথম দিনা পুৱাৰ ভাগত চিত্ৰাংকণ প্ৰতিযোগিতা,ৰচনা প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পী ৰাজা বৰা,পৰিস্মীতা শইকীয়া আৰু নামনি অসমৰ গীতাঞ্জলি কলিতাই গীত পৰিবেশন কৰিব। ১৪ জানুৱাৰীলৈ মাৰাথান দৌৰ,নীৰেণ শইকীয়াৰ দ্বাৰা বৃক্ষ ৰোপণ,টেকেলি ভঙা প্ৰতিযোগিতা,হাঁহ নমোৱা প্ৰতিযোগিতা, মিউজিক চেয়াৰ আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দুপৰীয়ালৈ অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ ডঃ সুৰেন্দ্ৰনাথ গগৈ,নিৰ্দিষ্ট বক্তা টিপলিংঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জগত বৰুৱা আৰু বিশিষ্ট অতিথি ৰূপে ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শংকৰজ‍্যোতি বৰুৱা উপস্হিত থাকিব। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ৰজতকমল বঁটাপ্ৰাপ্ত চলচিত্ৰ পৰিচালক তথা অভিনেতা যদুমণি দত্তই। উক্ত সন্ধিয়াটিত স্হানীয় কল্পতৰু দিহানাম দলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন আৰু গুৱাহাটীৰ পৰা আমন্ত্ৰিত শিল্পীসকলে নাগাৰা নাম ও থিয়নাম পৰিবেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*