শেহতীয়া
Home / অসম / বিশিষ্ট উপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্য্যলৈ “চম্পাৱতী বঁটা”

বিশিষ্ট উপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্য্যলৈ “চম্পাৱতী বঁটা”

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ:অসমৰ আগশাৰীৰ সাহিত্য আলোচনী “গৰিয়সী” ত “জলপ্ৰপাত” নামৰ উপন্যাসৰ জৰিয়তে চাপানালা অঞ্চলটিক উজ্বলাই তোলা সাম্প্ৰতিক সময়ৰ পৰিচিত জনপ্ৰিয় লেখিকা মণিকুন্তলা ভট্টাচাৰ্য্যক চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবছৰ “চম্পাৱতী বঁটা” প্ৰদান কৰিব বুলি আজি বিদ্যালয়খনৰ অধ্যক্ষা পাৰুল গায়নে এক প্ৰেছ বিবৃতি যোগে জনাইছে।উক্ত বঁটাত স্মাৰক,মানপত্ৰ,অংগবস্ত্ৰ আৰু বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আগবঢ়োৱা সংগৃহীত এটকীয়া ধনৰাশি হ’ব বঁটাৰ মাননি আৰু সন্মান।অহা ৫ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’ব লগা এক গাম্ভীৰ্যপূৰ্ণ সভাত “চম্পাৱতী বঁটা” প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

২০০০ চনত কবিতাৰে আত্মপ্ৰকাশ কৰা প্ৰথমখন গ্ৰন্থই ২০০৪ চনৰ মুনীন বৰকটকী বঁটা,ভ্ৰাম্যমান থিয়েটাৰ ভিত্তিত ৰচিত “মই ডেচডিমনা হ’ব খোজোঁ” উপন্যাসৰ বাবে ২০০৮ চনত অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা,২০১০ চনত “বৰফৰ বেলি” ৰ বাবে ভৱানী শৰ্মা স্মাৰক ছুটি গল্প গ্ৰন্থ বঁটা,ঐক্যতান সাহিত্য সন্মান লাভ কৰাৰ লগতে অলপতে অসম সাহিত্য সভাৰ গোলাঘাট জিলাই আগবঢ়োৱা “সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক বঁটা”, “সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বঁটা”, “শতবৰ্ষ সাহিত্য সন্মান” অসম সাহিত্য সভা, “এনাজৰি সাহিত্য সন্মান” আদিৰে সন্মাণিত মণিকুন্তলা ভট্টাচাৰ্য৷ নগাঁৱত জন্মগ্ৰহণ কৰা লেখিকাগৰাকীয়ে নিয়মীয়াকৈ বাতৰি কাকত-আলোচনীত গল্প,কবিতা লিখি সাহিত্য-চৰ্চা কৰাৰ লগতে বিশেষকৈ সম্ভ্ৰান্ত অসমীয়া আলোচনী “গৰীয়সী”ৰ পাতত ধাৰাবাহিকভাৱে লিখা “জলপ্ৰপাত” উপন্যাস আৰু ২০১৩ চনত অসমীয়া খবৰৰ আলোচনীত “চম্পাৱতী” উপন্যাসৰ জৰিয়তে নগাঁও জিলাৰ চাপানালা অঞ্চলটিৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ,ঐতিহাসিক কিংবদন্তি,বুৰঞ্জী, লোককথা,লোক-কাহিনী আদিৰ কথা পাঠকৰ আগত তুলি ধৰি বৃহৎ অঞ্চলটিক উজ্বলাই তুলিছে।বৰদোৱানী,অৰুন্ধতী,মুক্তি, সন্ধ্যা,চামিয়ানা,দস্তখত,মই ডেচডিমনা হ’ব খোজোঁ,বন্ধ ঘৰৰ খিৰিকি,অনুৰোধ, দেৱবালা,ত্ৰিকুটাৰ ঘোঁৰা,যমুনা,বাঁহী,চৰাইখানা আদি ভট্টাচাৰ্য্যৰ জনপ্ৰিয় উপন্যাস।বৰ্তমানলৈকে তেওঁ ৫০খনৰো অধিক গ্ৰন্থ পাঠকক উপহাৰ দিবলৈ সক্ষম হৈছে।তিনিজনীয়া বিচাৰক মণ্ডলীৰ নিৰ্বাচনৰ ভিত্তিত চম্পাৱতী বঁটা প্ৰতি দুবছৰৰ মূৰে-মূৰে প্ৰদান কৰি থাকিব বুলি জানিব পৰা গৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*