অসম

বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বহী মূল্যায়কৰ ৰূপত

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহী মূল্যায়কৰ ৰূপত আজি অৱতীৰ্ণ হ’ল বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। আজি বিশ্বনাথৰ ৰঙামুৰী প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহী মূল্যায়ক হিচাপে অৱতীৰ্ণ হৈ ছাত্ৰ ছাত্ৰীৰ বহী মূল্যায়ণ কৰে একালৰ শিক্ষকতাত জড়িত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰে সৈতে মত বিনিময় কৰে বিধায়ক জনে। উল্লেখ্য যে অসমৰ ১৩ খন জিলাৰ লগতে বিশ্বনাথ জিলাটো  অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱত আজি ৰাজ্য চৰকাৰৰ জল সিঞ্চন,ৰেচম আৰু হস্ত তাঁত শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই বিহালীৰ নকোনিয়া নিম্ন প্ৰাথমিক বিদ্যালয়ত,গহপুৰৰ বিধায়ক উৎপল বৰাই কাঠনিবাৰী প্ৰাথমিক বিদ্যালয়ত,বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে চাৰিআলি নগৰ এল পি বিদ্যালয়ত উপস্থিত থাকে।

Related Articles

Leave a Reply

Close