অসমশীৰ্ষ

বিহালীত পথ দুৰ্ঘটনা: গুৰুতৰভাৱে আহত প্ৰথম খবৰৰ সাংবাদিক

প্ৰথম খবৰ, বিহালী: বিশ্বনাথৰ বালিপুখুৰীত পথ সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতভাৱে আহত হৈছে প্ৰথম খবৰৰ বিশ্বনাথৰ সাংবাদিক ভূচিত্ৰ দাধৰা। উল্লেখ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে সাংবাদিকজনক খুন্দিয়াই পলায়ন কৰিবলৈ সক্ষম হয়।

সংকটজনক অৱস্থাত ভূচিত্ৰ দাধৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। মন্ত্ৰী ৰঞ্জিত দত্তৰ এখন সংবাদ মেলৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰথম খবৰৰ বিশ্বনাথৰ সাংবাদিক ভূচিত্ৰ দাধৰা জনপ্ৰিয় অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তা আৰু ইউ বি ফটোজৰো সাংবাদিক। সতীৰ্থ সাংবাদিকজনৰ আশু আৰোগ্য কামনা কৰিছে প্ৰথম খবৰ পৰিয়ালবৰ্গই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close